NORTHEAST NOW (Assamese)
নাগালেণ্ড

নাগালেণ্ডৰ ৰাস্তা-ঘাটৰ উন্নয়নৰ বাবে গুৰুত্ব আৰোপ উপমুখ্য মন্ত্ৰী ৱায় পেটনৰ

Posted by: এন ই নাও নিউজ April 7, 2018 10:54 am
Nagaland deputy cm y pattopn

‘অনাগত দিনত নাগালেণ্ডৰ ৰাস্তা-ঘাটৰ উন্নয়ন তথা ইয়াৰ ৰক্ষণাবেক্ষণ দিয়াটোৱে হ’ব মোৰ প্ৰধান কৰ্তব্য’, শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এনেদৰে কোৱা পৰিলক্ষিত হয় ৰাজ্যখনৰ উপমুখ্য মন্ত্ৰী ৱায় পেটনে

ৰাজ্যৰ পথ সমূহৰ দুৰৱস্থা সম্পৰ্কে পেটনে উদ্বেগ প্ৰকাশ কৰি কয় যে পথৰ উন্নয়ন কেবল কিছু ঠাইতে সীমাবদ্ধ নাথাকে বৰঞ্চ সমগ্ৰ ৰাজ্যতে পথ উন্নয়নৰ কাম কৰা হ’ব।

ইয়াৰ উপৰি তেওঁ পথ মেৰামতি তথা নিৰ্মাণ কাৰ্যত সকলো লোককে সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে ভূমি অধিগ্ৰহণৰ বাবে কোনো লোককে বাধাৰ সৃষ্টি নকৰিবলৈও অনুৰোধ জনায়।

নাগালেণ্ডৰ উপমুখ্য মন্ত্ৰীৰূপে অধিষ্ঠিত কৰোৱা বাবে পেটনে ৰাজ্যৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে লোঠা নাগা সম্প্ৰদায়ৰ কোনো লোকে প্ৰথমবাৰৰ বাবে এনে গুৰু দায়িত্ব লাভ কৰা বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপি কোনো ধৰ্মৰ বিৰুদ্ধে ৰাজনীতি নকৰে বুলি তাৎপৰ্যমূলক মন্তব্য কৰি নাগা খ্ৰীষ্টান ধৰ্মালম্বী লোক সকলক শাষনাধিষ্ঠ চৰকাৰখনৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনায়।

উপমুখ্য মন্ত্ৰী পেটনে শুকুৰবাৰে নিজ বাসগৃহ ৱখাত আয়োজিত এক অনুষ্ঠানত এনেধৰণে মন্তব্য কৰা দেখা যায়।