NORTHEAST NOW (Assamese)
অসম

GO GREEN RUN শিৱসাগৰত পৰিৱেশ সজাগতা সম্পৰ্কীয় কাৰ্যসূচী

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ December 23, 2021 12:54 pm

শিৱসাগৰত আজি পুৱাই অভ্যৰ্থনা দত্ত আৰু শংখ প্ৰতীম নামৰ যুৱক যুৱতীদ্বয়ৰ উদ্যোগত ” GO GREEN RUN ” শীৰ্ষক এক পৰিৱেশ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

বহু সংখ্যক ছাত্ৰ ছাত্ৰী তথা স্থানীয় লোকে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত।

সেউজ পৰিৱেশ ৰক্ষা কৰাৰ বাণীৰে ঐতিহাসিক শিৱসাগৰ বৰপুখুৰীৰ পাৰত সজাগতামূলক শোভাযাত্ৰা তথা সমদল উলিওৱাৰ লগতে কেইবাটাও গছপুলি ৰোপন কৰে ।

উল্লেখযোগ্য যে শিৱসাগৰ যুৱদলত শুকুৰবাৰে অনুষ্ঠিত হ’ব সৌন্দৰ্য প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখিয়েই বৃহস্পতিবাৰে পুৱাই ৰূপায়ণ কৰে ” গ’ গ্ৰীণ ৰাণ ” কাৰ্যসূচী।