NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাৰ লেংটিছিঙাত আৰক্ষীয়ে ধ্বংস কৰিলে ভাঙৰ খেতি

Posted by: প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও Updated by: প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও December 23, 2021 1:28 pm

বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী থানাৰ অধীনত তথা লেংটিছিঙা আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ডুমেৰগুৰীত আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই প্ৰায় বৃহৎ পৰিমাণৰ ভাঙৰ খেতি নষ্ট কৰে ৷

উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়াই এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত এই ভাং খেতি খিনি নষ্ট কৰা হয় ৷

উল্লেখ্য যে নিজ ঘৰৰ সমীপতে ভাঙৰ খেতি কৰা এই ঘটনা সন্দৰ্ভত লক্ষণ সৰকাৰ ( ৬৩ ) নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ ঘৰৰ পৰা ৫০০ গ্ৰাম গাঞ্জাও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷