NORTHEAST NOW (Assamese)
Popular Stories

ৰাধাৰ ৰূপত অশ্লীল নৃত্য! ছানী লিয়নিৰ নতুন গানৰ ভিডিঅ’ত ধৰ্মীয় আবেগক আঘাত হনাৰ অভিযোগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 23, 2021 4:04 pm
sunny-1640186496

ছানী লিয়নিৰ নতুন গানৰ ভিডিঅ’ ‘মধুবন মে ৰাধিকা নাচে’ বুধবাৰে মুক্তি পাইছে। এই গানটোত নৃত্য কৰা বলীউদৰ অভিনেত্ৰী ছানী এইবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। ছচিয়েল মিডিয়াত ইতিমধ্যে গানটো নিষিদ্ধ কৰাৰ দাবী উঠিছে।

গানটোত ছানী লিয়নিৰ ‘অশ্লীল নৃত্য’ মানি ল’বলৈ অস্বীকাৰ কৰি বিভিন্নজনে কটু মন্তব্যও কৰিছে।

তেওঁলোকৰ অভিযোগ যে এই গানটোৰ নৃত্যৰে ছানী লিয়নিয়ে ৰাধা-কৃষ্ণৰ প্ৰেমক অসন্মান কৰিছে। ছানীৰ এনে নৃত্যভংগী কোনোমতেই মানি ল’ব খোজা নাই অভিযোগকাৰীসকলে।

Also Read: শ্বুটিং ছেটতে আহত বলীউদ তাৰকা টাইগাৰ শ্ৰফ; কেনেকৈ ঘটিল এই ঘটনা?

গানটোৰ মুক্তিৰ পাছতে ছচিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ জোৱাৰ উঠিছে। অধিকাংশই সদৰী কৰিছে যে গানটোত কেবল স্বল্পবসনা ছানীৰ অশ্লীল নৃত্যই নহয়, লগতে গানটোৰ কথাংশও যৌনদ্দীপক।

গানটোৰ দ্বাৰা ইশ্বৰক অপমান কৰা হৈছে বুলি নেটিজেনসকলে একেমুখে নিন্দা কৰিছে। তেওঁলোকৰ স্পষ্ট বক্তৱ্য যে ৰাধা কেতিয়াও নৰ্তকী নাছিল।

পুৰণি মধুবন গানত ৰাধা-কৃষ্ণৰ যি আধ্যাত্মিক প্ৰেমৰ কাহিনী দাঙি ধৰা হৈছিল তাৰ পৰিৱৰ্তে ইয়াত আন প্ৰকাশভংগীহে দাঙি ধৰা হৈছে।

ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্কৰ সময়ত এতিয়ালৈকে গানটোৰ নিৰ্মাতাসকলে এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।