NORTHEAST NOW (Assamese)
অসম

সাহিত্য একাডেমী বঁটাপ্ৰাপক সংস্কৃত পণ্ডিত প্ৰভাত চন্দ্ৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তি

Posted by: ময়ুখ গোস্বামী, মঙলদৈ Updated by: ময়ুখ গোস্বামী, মঙলদৈ December 25, 2021 9:07 am
Pravat Sarma Shastri

বিশিষ্ট শিক্ষাবিদ, সংস্কৃত সাহিত্যৰ এগৰাকী পণ্ডিত তথা সাহিত্য একাডেমীৰ অনুবাদ বঁটা প্ৰাপক প্ৰভাত চন্দ্ৰ শৰ্মাৰ বাৰ্দ্ধ্যজনিত ৰোগত শুকুৰবাৰে বিয়লি দৰঙৰ তেওঁৰ বামুনপাৰাৰ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৫বছৰ।

তেওঁ ২০০২ চনত ‘কাদম্বৰী’ গ্ৰন্থৰ বাবে সাহিত্য একাডেমীৰ অনুবাদ বঁটা লাভ কৰিছিল। বাণভট্টৰ মূল সংস্কৃত একে নামৰ গ্ৰন্থৰ অনুবাদ হৈছে এই গ্ৰন্থখন।

সংস্কৃত পণ্ডিতগৰাকীয়ে সংস্কৃত গ্ৰন্থ ‘পঞ্চতন্ত্ৰ’ৰো অনুবাদ কৰিছিল। তেওঁ ‘দৰঙী শব্দকোষ’ নামৰ দৰঙৰ অভিধানখনো সম্পাদনা কৰিছিল।

Also Read: বকুলবন বঁটাপ্ৰাপক অনাতাঁৰ শিল্পী ডিম্বেশ্বৰ লাহনৰ স্মৃতিচাৰণ; স্মৰণিকা ‘জ্যোতিষ্মান’ উন্মোচন

প্ৰয়াত শৰ্মাই ১৯৯০ চনত মঙলদৈ কলেজৰ সংস্কৃত বিভাগৰ শিক্ষকতাৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

তেওঁৰ মৃত্যুত বৃহত্তৰ মঙলদৈ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী পুত্ৰ আৰু তিনিগৰাকী কন্যাৰ লগতে বহু আত্মীয় তথা গুণমুগ্ধক এৰি থৈ গৈছে।