• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বকুলবন বঁটাপ্ৰাপক অনাতাঁৰ শিল্পী ডিম্বেশ্বৰ লাহনৰ স্মৃতিচাৰণ; স্মৰণিকা ‘জ্যোতিষ্মান’ উন্মোচন

নিৰ্মলেন্দু পাঠক ,টীয়ক by নিৰ্মলেন্দু পাঠক ,টীয়ক
December 25, 2021 8:19 am
WhatsApp Image 2021-12-24 at 7.18.01 PM

ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট জিলাৰ শিমলুগুৰি মৌজাৰ চিন্তামণিগড় লাহন গাঁৱৰ নিৱাসী, ২০১৫বৰ্ষৰ বকুলবন বঁটাপ্ৰাপক, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক, নাট্যকাৰ, অভিনেতা, সমাজ সংগঠক, লোকশিল্পী, লোক-সঙ্গীতৰ সাধক, ধৰ্মপৰায়ণ সাংকৃতিক আৰু সামাজিক কৰ্মী ডিম্বেশ্বৰ লাহনৰ এখনি স্মৃতিচাৰণ সভা শুকুৰবাৰে তেওঁৰ বাসগৃহৰ চোতালত অনুষ্ঠিত হয়।

১৯৭৫ চনত দিহানামৰ প্ৰথম গৰাকী অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰা সদ্যপ্ৰয়াত ডিম্বেশ্বৰ লাহনে আকাশবাণী ডিব্ৰুগড়, যোৰহাট, গুৱাহাটী কেন্দ্ৰ আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ যোগেদি দিহানাম, প্ৰসঙ্গীয়া নাম, দেহবিচাৰৰ গীত, কীৰ্ত্তন পাঠ, ঘোষা পাঠ আদি পৰিৱেশন কৰি প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে এইবোৰৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেও অহোপূৰুষাৰ্থ কৰিছিল।

‘দশাৱতাৰ’, ‘শ্ৰীশ্ৰীকৃষ্ণৰ শিশুলীলা আৰু ৰাসক্ৰীড়া’, ‘দক্ষ-যজ্ঞ’, ‘দ্ৰোণপৰ্ব অভিমন্যু বধ’কে ধৰি প্ৰায় ডেৰকুৰি মাতৃভাষাৰ ভাওনাৰ নাট ৰচনা কৰি এগৰাকী সফল নাট্যকাৰ হিচাপে পৰিচিতি লাভ কৰা, বৃহত্তৰ চিন্তামণিগড় অঞ্চলৰ বহুতো সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ হোতা প্ৰয়াত ডিম্বেশ্বৰ লাহনৰ পৱিত্ৰ আদ্যশ্ৰাদ্ধৰ দিনা অনুষ্ঠিত স্মৃতিচাৰণ সভাখনি অনুষ্ঠিত হয়।

Apply Now

Also Read:কৰ ফাঁকি: সুগন্ধি দ্ৰব্যৰ ব্যৱসায়ীৰ ঘৰত টকাৰ পাহাৰ; জব্দ নগদ ১৭৭কোটি টকা

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ উপ-সভাপতি খগেন ফুকন, জিলা কাৰ্যনিৰ্বাহক অনন্ত বৰুৱা, চিন্তামণিগড় শাখা সাহিত্য সভাৰ সভাপতি-সম্পাদক যাদৱ চন্দ্ৰ লাহন আৰু দিগন্ত চাংমাই, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জিতু নেওগ, চিন্তামণি কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি কমলজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি গজেন ফুকন, সম্পাদক ৰাতুল ফুকন উপস্থিত থাকে।

সেইদৰে, খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কামাখ্যা ভট্টাচাৰ্য, বিষয় শিক্ষয়িত্ৰী দিপালী বৰঠাকুৰ, সহকাৰী শিক্ষক দীলিপ বৰা, খনামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰবীন হাজৰিকা, চিন্তামণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তিলক চন্দ্ৰ বৰুৱা, চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃদুল লাহন, সহকাৰী শিক্ষক প্ৰদীপ ৰাজখোৱা, জেলেঙীটুপ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক, নাৰায়ণ শইকীয়া, সুশীল শইকীয়া, অসম জাতীয় বিদ্যালয় খনামুখৰ অধ্যক্ষ মানিক গগৈ, সমাজকৰ্মী অৰুণজ্যোতি গগৈ, ৰঞ্জিত বৰুৱা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ শিমলুগুৰি মৌজা ৰমাকান্ত মুক্তিয়াৰ আতা আঞ্চলিক শাখাৰ সভাপতি প্ৰদীপ ভৰালী আৰু সম্পাদক অৰূপ দত্তও উপস্থিত থাকে।

Also Read:নিকায়-নিগমত মহিলাৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণৰ বিধেয়ক গৃহীত অসম বিধানসভাত

তদুপৰি, অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণানন্দ লাহন, প্ৰবীণ গগৈ, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ চেলেংহাট শাখাৰ সম্পাদক বিপুল গগৈ, আমাৰ অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক গকুল বৰা, খবৰ কাকতৰ উপ-সম্পাদক দীপজ্যোতি শইকীয়া, যোৰহাট শঙ্কৰী সঙ্গীত মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত শইকীয়া, অনাতাঁৰ শিল্পী জিণ্টূ গগৈ, খনামুখ শাখা সাহিত্য সভাৰ বিষয়ববীয়াকে ধৰি শতাধিক স্থানীয় ৰাইজ আৰু পৰিয়ালবৰ্গ উপস্থিত থাকে।

অনুষ্ঠানত প্ৰয়াত লাহনৰ পৱিত্ৰ আদ্যশ্ৰাদ্ধ উপলক্ষে স্থানীয় যুৱক তথা কুমাৰভেটি  প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত চাংমাই আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জিতু নেওগৰ যুটীয়া সম্পাদনাত প্ৰকাশিত তেওঁৰ স্মৃতি-বিজড়িত সৰ্বাঙ্গ-সুন্দৰ ‘জ্যোতিষ্মান’ নামৰ এখনি স্মৰণিকা উন্মোচন কৰে ২০১৬বৰ্ষৰ ‘বকুলবন বঁটা’প্ৰাপক দিহানামৰ জনপ্ৰিয় শিল্পী কমলা গগৈয়ে।

সভাখনিত প্ৰয়াত লাহনৰ সৃষ্টি কৰ্মসমূহ আৰু আদৰ্শসমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে জীয়াই ৰখাৰ বাবে উন্মোচক শিল্পী কমলা গগৈয়ে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰতিনিধিবৰ্গক আহ্বান জনায় আৰু জিলা সমিতি উপ-সভাপতি খগেন ফুকনদেৱে সংঘৰ মজিয়াত এটি বঁটা প্ৰদানৰ বিবেচনাৰ কথা অৱগত কৰে।

Also Read:টীয়কৰ পিড়াকটাত মধ্য যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ দ্বি-বিংশতম দ্বি-বাৰ্ষিক অধিৱেশন আৰম্ভ

উল্লেখযোগ্য যে বকুলবন বঁটাপ্ৰাপক কৃতী শিক্ষক গৰাকীৰ আদৰ্শ, সৃষ্টিৰাজী আৰু গৰিমা উত্তৰ প্ৰজন্মৰ বাবে অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ‘প্ৰয়াত ডিম্বেশ্বৰ লাহন স্মাৰক সমিতি’ৰ যোগেদি প্ৰতি বছৰে ২৪ ডিচেম্বৰ দিনটোত এটি স্মাৰক বক্তৃতা আয়োজনৰ লগতে এটি বঁটা প্ৰদান কৰা হ’ব বুলি সমিতিৰ হৈ জিতু নেওগ, দিগন্ত চাংমাই আৰু দীপজ্যোতি শইকীয়াই সংবাদ-মাধ্যমক জানিবলৈ দিছে।

নিৰ্মলেন্দু পাঠক ,টীয়ক

নিৰ্মলেন্দু পাঠক ,টীয়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd