পঞ্জাব আৰক্ষীৰ বৃহৎ সফলতা! দেশৰ ৩০টাতকৈয়ো অধিক গুৰুতৰ অপৰাধমূলক গোচৰত অভিযুক্ত তথা মূৰৰ দাম ৫ লাখ টকা ধাৰ্য কৰা গেংষ্টাৰ গুৰবিন্দৰ সিং ওৰফে আফ্ৰিদিক আফ্ৰিকাৰ ইথিঅ’পিয়াৰ পৰা ভাৰতলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে পঞ্জাব আৰক্ষী। দেওবাৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় কুখ্যাত গেংষ্টাৰজন। ইয়াৰ পিছতে পঞ্জাব আৰক্ষীৰ এণ্টি-গেংষ্টাৰ টাস্ক ফ’ৰ্চে তেওঁক নিজৰ জিম্মাত লয়।
পঞ্জাবৰ তৰ্ণতাৰণ জিলাৰ টুট গাঁৱৰ বাসিন্দা আফ্ৰিদি। তেওঁৰ বিৰুদ্ধে পাঁচটাকৈ হত্যাকাণ্ড, হত্যাৰ চেষ্টা, ধন দাবী আৰু অস্ত্ৰ আইনৰ অধীনত গোচৰকে ধৰি ৩০টাতকৈয়ো অধিক গুৰুতৰ গোচৰ ৰুজু হৈ আছে। পঞ্জাব চৰকাৰে তেওঁৰ গ্ৰেপ্তাৰৰ তথ্য যোগান ধৰাৰ বিনিময়ত ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।
আৰক্ষীৰ তথ্য অনুসৰি, আফ্ৰিদি ড’নি বাল–প্ৰভ দাসুৱাল গেঙৰ অন্যতম মুখ্য নেতা। বিদেশত থাকিও তেওঁ পঞ্জাবত লক্ষ্যভিত্তিক হত্যাকাণ্ড, ধন দাবীৰ উদ্দেশ্যে গুলীচালনা আৰু সংগঠিত অপৰাধমূলক কাৰ্যকলাপ পৰিচালনা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ মতে, তেওঁৰ বিৰুদ্ধে মুঠ ৩৫টা গোচৰ আছে। ইয়াৰে পাঁচটা হত্যাকাণ্ডৰ গোচৰ।
কেনেদৰে বিদেশত আত্মগোপন কৰিছিল আফ্ৰিদিয়ে? পঞ্জাবৰ আৰক্ষী সঞ্চালকপ্ৰধান গৌৰৱ যাদৱৰ মতে, ২০২৫ চনৰ ৩১ মাৰ্চত মুম্বাই বিমানবন্দৰৰ পৰা ভুৱা পাছপ’ৰ্ট ব্যৱহাৰ কৰি সংযুক্ত আৰব আমিৰশ্বাহীত উপস্থিত হৈছিল আফ্ৰিদি। উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ এজন বাসিন্দাৰ পৰিচয় ব্যৱহাৰ কৰি জালিয়াতিৰে প্ৰস্তুত কৰা হৈছিল পাছপ’ৰ্টখন। ২০২৫ চনৰ ১২ ফেব্ৰুৱাৰীত লক্ষ্ণৌৰ পৰা পাছপ’ৰ্টখন উলিওৱা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
ইয়াৰ পিছত সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা ইস্তানবুল হৈ মেক্সিকোলৈ পলায়নৰ চেষ্টা কৰিছিল যদিও তেওঁক পুনৰ সংযুক্ত আৰব আমিৰশ্বাহীলৈ ঘূৰাই পঠিওৱা হয়। পৰৱৰ্তী সময়ত ২০২৬ চনৰ এপ্ৰিলত কেনিয়া, জুনত এংগোলা আৰু নৱেম্বৰত ইথিঅ’পিয়াত উপস্থিত হৈছিল আফ্ৰিদি। অৱশেষত ৬ নৱেম্বৰত ইথিঅ’পিয়াত তেওঁক আটক কৰা হয়।
এই অভিযানৰ নাম দিয়া হৈছিল ‘অপাৰেচন শ্বহীদ’ । প্ৰায় ১০ মাহ ধৰি চলা এই আন্তঃৰাষ্ট্ৰীয় অভিযানত পঞ্জাব আৰক্ষীৰ এণ্টি-গেংষ্টাৰ টাস্ক ফ’ৰ্চ , অভাৰছিজ ফিউজিটিভ ট্ৰেকিং এণ্ড এক্সট্ৰাডিশ্যন চেল আৰু কেন্দ্ৰীয় সংস্থাসমূহে যৌথভাৱে কাম কৰিছিল। আফ্ৰিদিৰ বিৰুদ্ধে ইণ্টাৰপ’লে ৰেড কৰ্ণাৰ নটিচ জাৰি কৰাৰ লগতে তেওঁৰ ভুৱা পৰিচয় আৰু বিভিন্ন দেশত অৱস্থান সম্পৰ্কীয় তথ্যৰ ভিত্তিত সাতটাকৈ ইণ্টাৰপ’ল ৰেফাৰেন্স জাৰি কৰা হৈছিল।
উল্লেখযোগ্য যে আফ্ৰিদিৰ বিৰুদ্ধে পঞ্জাবত সংঘটিত পাঁচটাকৈ উল্লেখযোগ্য হত্যাকাণ্ডৰ গোচৰ আছে। ইয়াৰ ভিতৰত ২০২৪ চনৰ অক্টোবৰত সৰপঞ্চ ৰাজৱিন্দৰ ওৰফে ৰাজ তালৱাণ্ডীৰ হত্যা, ২০২৫ চনৰ মাৰ্চত ১২ বছৰীয়া গুৰসেৱক সিঙৰ হত্যা, একে মাহতে ভিকি চুঘৰ হত্যা, ২০২৫ চনৰ মে’ মাহত যশৱন্ত সিঙৰ হত্যা আৰু ছেপ্টেম্বৰ মাহত কংগ্ৰেছৰ ব্লক সভাপতি গুৰমেল সিঙৰ হত্যাকাণ্ডৰ সৈতে তেওঁৰ নাম সাঙোৰ খাইছে।
পঞ্জাব আৰক্ষীৰ মতে, আফ্ৰিকাৰ এখন দেশৰ পৰা পলাতক অপৰাধীক ভাৰতলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত এয়া তেওঁলোকৰ প্ৰথমটো সফল অভিযান।


