ৰাজ্যৰ উচ্চ শিক্ষাক্ষেত্ৰলৈ নামি আহিছে এক ডাঙৰ সংকট। দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা ১৩ দফীয়া দাবীৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত এইবাৰ শ্ৰেণীকোঠা এৰি আন্দোলনত বহিবলৈ সাজু হৈছে অসমৰ কলেজ শিক্ষকসকল। অসম কলেজ শিক্ষক সংস্থাই আনুষ্ঠানিকভাৱে ঘোষণা কৰা মতে, অহা ১৮ নৱেম্বৰৰ পৰা ৰাজ্যৰ সকলো কলেজ শিক্ষকে এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। চৰকাৰে বছৰ বছৰ ধৰি কেৱল প্ৰতিশ্ৰুতিৰে প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ তুলি সংস্থাটোৱে অৱশেষত এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে, যোৱা ১১ অক্টোবৰত গুৱাহাটীস্থিত সংস্থাৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি শিক্ষকসকলে তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছিল। অন্যথা নৱেম্বৰ মাহৰ পৰা আন্দোলনত নমাৰ সকীয়নিও প্ৰদান কৰিছিল। সংবাদমেলত সংস্থাটোৱে অভিযোগ কৰা অনুসৰি, মুখ্যমন্ত্ৰীয়ে কলেজ শিক্ষকৰ ‘ফিক্স পে’ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে সেয়া কাৰ্যকৰী নহ’ল। একেদৰে পি এইচ ডি ডিগ্ৰীধাৰী শিক্ষকৰ দৰমহা বৃদ্ধিৰ কথাও বাস্তৱত পৰিণত হোৱা নাই। আজিও ৰাজ্যৰ বহু কলেজ শিক্ষকে ৮ হাজাৰৰ পৰা আৰম্ভ কৰি ৫৫ হাজাৰ টকালৈকে ফিক্স পে’ত চাকৰি কৰিবলৈ বাধ্য হৈছে, যিটো অতিশয় দুৰ্ভাগ্যজনক।
ইয়াৰ উপৰি, কলেজ শিক্ষকৰ পদোন্নতিৰ ক্ষেত্ৰতো চৰকাৰে গাফিলতি কৰাৰ অভিযোগ উঠিছে। সংস্থাৰ মতে, চলিত বৰ্ষত শিক্ষকসকলৰ বিভাগীয় পদোন্নতিৰব্যৱস্থা কাৰ্যকৰী নহ’ল। ‘সমৰ্থ’ প’ৰ্টেলৰ কাৰিকৰী বিজুতিৰ বাবে আজিও বহু শিক্ষকে পদোন্নতিৰ বাবে আবেদন কৰিব পৰা নাই। সেয়েহে, বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়ম অনুসৰি যোগ্য শিক্ষকসকলক শীঘ্ৰে পদোন্নতি দিয়াৰ দাবী জনোৱা হৈছে। লগতে ফিক্স পে’ৰ কলেজ শিক্ষকসকলক পেঞ্চনৰ আওতালৈ অনা আৰু পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰো দাবী উত্থাপন কৰা হৈছে।
আনহাতে, কলেজ শিক্ষকৰ খালী পদসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ সংস্থাটোৱে দাবী জনাইছে। অৱশ্যে তেওঁলোকে নিযুক্তি ব’ৰ্ডৰ পৰিৱৰ্তে পুৰণি নিযুক্তি প্ৰক্ৰিয়াৰেই এই পদসমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। নিযুক্তি প্ৰক্ৰিয়া ব’ৰ্ডৰ অধীনলৈ গ’লে কেলেংকাৰী হোৱাৰ আশংকা প্ৰকাশ কৰিছে সংস্থাটোৱে। ইয়াৰ লগতে, কলেজ শিক্ষকসকলক শিক্ষাদানৰ বাহিৰে অন্য কামৰ পৰা আঁতৰাই ৰাখিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছে, কিয়নো ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মানদণ্ডত বিৰূপ প্ৰভাৱ পৰিছে।
বাৰম্বাৰ দাবী জনোৱাৰ পাছতো চৰকাৰে কোনো সঁহাৰি নিদিয়াত অৱশেষত অসম কলেজ শিক্ষক সংস্থাই আন্দোলনৰ পথ বাছি লৈছে। কাৰ্যসূচী অনুসৰি, অহা ১৮ নৱেম্বৰত ৰাজ্যৰ প্ৰতিখন কলেজতে শিক্ষকসকলে কৰ্মবিৰতি পালন কৰিব আৰু ২৪ নৱেম্বৰত গুৱাহাটীৰ চচলস্থিত ধৰ্ণাথলীত প্ৰতিবাদ সাব্যস্ত কৰিব। চৰকাৰে যদি এতিয়াও গুৰুত্ব নিদিয়ে, তেন্তে আগন্তুক দিনত মহাবিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশ ব্যাহত হোৱাৰ তীব্ৰ আশংকা কৰা হৈছে।


