NORTHEAST NOW (Assamese)
Popular Stories

ছচিয়েল মিডিয়াত অশ্লীল ছবি-ভিডিঅ’ প’ষ্ট কৰি আইনী জাননীৰ সন্মুখীন মোহময়ী অভিনেত্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী December 28, 2021 9:05 am
WhatsApp Image 2021-12-28 at 8.19.14 AM

ছচিয়েল মিডিয়াত অশ্লীল ছবি আৰু ভিডিঅ’ আপলোড কৰাৰ অভিযোগত আইনী জাননী লাভ কৰিছে বাংলাদেশৰ জনপ্ৰিয় তথা বিতৰ্কিত মোহময়ী অবিনেত্ৰী পৰীমনিয়ে।

বাতৰি অনুসৰি, সোমবাৰে অভিনেত্ৰীগৰাকীক দেশখনৰ সৰ্বোচ্চ আদালতৰ এগৰাকী অধিবক্তা খণ্ডকাৰ হাছান শ্বাহাৰিয়াৰ আৰু ঢাকা জাজ কোৰ্টৰ অধিবক্তা ইছমাতুল্লা লাকী তালুকদাৰে এই জাননী প্ৰেৰণ কৰিছে।

অভিনেত্ৰী পৰীমনিৰ ঘৰত যোৱা ৪ আগষ্টত বাংলাদেশ আৰক্ষীয়ে অভিযান চলাইছিল। তাৰপাছত তেওঁক ড্ৰাগছ কন্ট্ৰ’ল আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

উক্ত গোচৰত পৰীমনিক প্ৰথমবাৰ চাৰিদিন, দ্বিতীয়বাৰ দুদিন আৰু তৃতীয়বাৰ এদিনকৈ মুঠ সাতদিন জিম্মাত জেৰা কৰা হৈছিল।

Also Read: ৰাজ্যৰ প্ৰথম গৰাকী আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্ত ভায়োলেট বৰুৱা

অভিনেত্ৰীগৰাকীয়ে যোৱা ৩১ আগষ্টত জামিন লাভ কৰিছিল আৰু পহিলা ছেপ্টেম্বৰত জে’লৰ পৰা বাহিৰলৈ ওলাইছিল।

জে’লৰ পৰা ওলোৱাৰ সময়ত পৰীমনিৰ হাতত লিখা আছিল ‘ড’ন্ট লাভ মি বিচ’। তদুপৰি, ১৫ ছেপ্টেম্বৰত শুনানিৰ বাবে আদালতলৈ যোৱাৰ সময়ত অভিনেত্ৰীগৰাকীৰ হাতত অভব্য শব্দ লিখা আছিল।

128cd1158012992ba6b3a196a9dca34f
অভিনেত্ৰী পৰীমনি।

অভিনেত্ৰীগৰাকীয়ে নিজৰ জন্মদিনত কেইবাখনো ছবি তথা ভডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে। এইবোৰ অশ্লীল বুলি দাবী কৰি অধিবক্তাদ্বয়ে আইনী জাননী জাৰি কৰা হৈছে।

পৰীমনি এগৰাকী প্ৰখ্যাত জনপ্ৰিয় অভিনেত্ৰী। গতিকে তেওঁক দেখি বহুতেই অনুপ্ৰাণিত হয়। সেয়ে এনেধৰণৰ ছবি তথা ভিডিঅ’ ছচিয়েল মিডিয়াত আপলোড কৰাটো উচিত নহয় বুলি জাননীখনত কোৱা হৈছে।

Also Read: কাফেলৈ মাতি নি অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰিলে দ্বাদশ শ্ৰেণীৰ ছাত্ৰই

অভিনেত্ৰীগৰাকীয়ে ৩০দিনৰ ভিতৰত ছচিয়েল মিডিয়াৰ পৰা এই সকলোবোৰ ছবি তথা ভিডিঅ’ অঁতৰাব লাগিব বুলি জাননীখনত দাবী কৰা হৈছে। অন্যথা তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই সন্দৰ্ভত অৱশ্যে অভিনেত্ৰী পৰীমনিয়ে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা যোৱা নাই।