NORTHEAST NOW (Assamese)
অসম

অসমত হ’ব বৰষুণৰ লগতে শিলাবৃষ্টি, বাঢ়িব শীত,কেতিয়া?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 29, 2021 2:44 pm
rain_1204b10e-c

শীত প্ৰবাহে কোবাই যোৱা অসমৰ বিভিন্ন অঞ্চলত আজি আৰু কাইলৈৰ দিনটোত বৰষুণ আৰু শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে। এই আগলি বতৰা দিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ২৯ ডিচেম্বৰ আৰু ৩০ ডিচেম্বৰত মধ্য প্ৰদেশ, পশ্চিম বংগ, ঝাৰখণ্ড, ছত্তীশগড়, অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড, মেঘালয় আৰু ছিকিমত বজ্ৰপাত আৰু শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

উত্তৰ ভাৰতৰ কেইবা খনো ৰাজ্যত ইতিমধ্যে বৃষ্টিপাত আৰম্ভ হৈছে।

ফলত সমগ্ৰ উত্তৰ ভাৰতেই এতিয়া তীব্ৰ শীত প্ৰবাহৰ কৱলত পৰিছে। উল্লেখ্য কিছুদিন পূৰ্বে মেঘালয়ৰ শ্বিলঙতো শিলাবৃষ্টিৰ ঘটনা সংঘটিত হৈছিল।

শ্বিলঙত শিলাবৃষ্টি ইমানেই বেছি হৈছিল যে কালিলৈকে বহু অঞ্চলত বৰফৰ টুকুৰা পৰি ৰোৱা দেখা গৈছিল।