NORTHEAST NOW (Assamese)
Popular Stories

Sexual Harassment বোৱাৰীক যৌন নিৰ্যাতনৰ চেষ্টা শহুৰেকৰ; হাজো আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

Posted by: মৃদুল প্রীতম ডেকা, কামৰূপ Updated by: মৃদুল প্রীতম ডেকা, কামৰূপ December 31, 2021 12:00 pm
Sexual Harassment Hajo

Sexual Harassment হাজো আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এটা জঘন্য ঘটনাক লৈ উত্তপ্ত হৈ পৰে হাজো আৰক্ষী থানা। নিজৰে বোৱাৰীক যৌন নিৰ্যাতনৰ চেষ্টা আব্দুল মান্নাফ নামৰ এজন লম্পটৰ।

ন্যায় বিচাৰি আৰক্ষী থানাত উপস্থিত হয়হি ভুক্তভোগী মহিলা গৰাকী। শহুৰ আৰু বোৱাৰীৰ সম্পৰ্কত কালিমা সনা এই লম্পট আব্দুল মান্নাফ নামৰ ব্যক্তিজন হাজোৰ এখন বিদ্যালয়ত কেৰাণী হিচাপে কৰ্মৰত ।

নিজৰ বোৱাৰীয়েকলৈ লোলুপ দৃষ্টি দিছিল এই লম্পট চৰিত্ৰৰ ব্যক্তিজনে। নিজৰ বোৱাৰীক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল লম্পটজনে।

বোৱাৰী গৰাকী বাথৰুমত গ’লেই পিছফালেৰে চাই থাকে এই লম্পটে। বাথৰুমৰ লাইট বন্ধ কৰি দৰ্জাত থপৰিয়াই অশ্লীল ইংগিতো দিয়ে।

অৱশেষত শহুৰেকৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি হাজো আৰক্ষী থানা পালে ভুক্তভোগী মহিলাগৰাকী।

হাজোত সংঘটিত এই লজ্জাজনক ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। বোৱাৰীক অশ্লীল ইংগিত দি যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা আব্দুল মান্নাফৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।