NORTHEAST NOW (Assamese)
Popular Stories

Adil Hussain in Forbes প্ৰসিদ্ধ ‘ফৰ্বছ’ আলোচনীৰ ২০২১বৰ্ষৰ অসাধাৰণ হিন্দী অভিনেতাৰ তালিকাত অন্তৰ্ভুক্ত আদিল হুছেইন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 2, 2022 11:51 am

Adil Hussain in Forbes বিশ্বৰ প্ৰসিদ্ধ আলোচনী ‘ফৰ্বছ’ৰ ২০২১বৰ্ষৰ হিন্দী মনোৰঞ্জন উদ্যোগৰ ‘অসাধাৰণ অভিনেতা’ৰ তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ তাৰকা অভিনেতা আদিল হুছেইনৰ নাম।

ফৰ্বছৰ হিন্দী মনোৰঞ্জন উদ্যোগৰ আঠগৰাকী ‘অসাধাৰণ অভিনেতা’ৰ তালিকাত স্থান লাভ কৰিছে আদিল হুছেইনে।

অক্ষয় কুমাৰ অভিনীত বলীউদৰ ছবি ‘বেল বটম’ত কৰা অভিনয়ৰ বাবে তালিকাত স্থান লাভ কৰিছে আদিল হুছেইনে।

Also Read: নৱবৰ্ষৰ প্ৰথম দিনটোতে বিবাহপাশত আৱদ্ধ হ’ল ‘দেৱো কা দেৱ-মহাদেৱ’ খ্যাত অভিনেতা মোহিত

‘’তেওঁ বেল বটমত ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ ভূমিকা ৰূপায়ন কৰিছে আৰু এইটোৱে ছবিখনক অন্য এক মাত্ৰা দিছে,’’- ফৰ্বছৰ এক লিখনিত কোৱা হৈছে।

ইয়াত লগতে  কোৱা হৈছে, ‘’পাৰ্শ্ব চৰিত্ৰৰ বাবে দৃষ্টি আকৰ্ষণ কৰাটো সহজ নহয়। যেতিয়া অক্ষয় কুমাৰে মুখ্য চৰিত্ৰটো ৰূপায়ন কৰিছে তাত এইটো আৰু কঠিন। অৱশ্যে আদিল হুছেইনে সেইটো সম্ভৱ কৰি তুলিছে।‘’

‘’তেওঁৰ চৰিত্ৰটো এক সীমাৱদ্ধতাৰ মাজেৰে আগবাঢ়িছে আৰু হুছেইনে তাক অত্যন্ত সজীৱ ৰূপত ফুটাই তুলিছে,’’-ফৰ্বছৰ লিখনিটোত কোৱা হৈছে।

Also Read: জেকুলিনৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক; দাবী প্ৰতাৰণাৰ গোচৰত অভিযুক্ত সুকেশৰ

ফৰ্বছৰ এই তালিকাত স্থান লাভ কৰা আন অভিনেতা কেইগৰাকী হ’ল- আশুতোষ ৰাণা, সুপ্ৰিয়া পাঠক, অভিষেক বেনাৰ্জী, জিমি শ্বেৰগিল, ছিকন্দৰ খেৰ, মানৱ কৌল আৰু অম্ৰুতা সুভাষ।