NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ শুভাৰম্ভণি

Posted by: কাজী জেইদুল ইছলাম,বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম,বিশ্বনাথ January 2, 2022 3:35 pm

১১ লাখ প্রথম শ্রেণী (নিয়মীয়া পৰিশোধকাৰী) হিতাধিকাৰীৰ বাবে অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ শুভাৰম্ভণি কৰা হয় বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই বিশাল জন সভাত ।

দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা এই বিশাল জন সভাত ১২০০০ মহিলা হিতাধীকাৰীয়ে অংশগ্ৰহণ কৰে আৰু আনুষ্ঠানিক ভাৱে ৫০১৪ গৰাকী মহিলা হিতাধীকাৰীক প্ৰদান কৰা হয় চেক ।

ইতিপূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল মহিলা সকলৰ ‌‌ঋণ ৰেহাইৰ সন্দৰ্ভত বিশেষ ঘোষণা আৰু সেই প্ৰতিশ্ৰুতি অনুসৰি আজি বিশ্বনাথ জিলা সামৰি একত্ৰিত হোৱা প্ৰায় ১২০০০ তকৈ অধিক মহিলাৰ সমাগম হয় বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত ।

এই অনুষ্ঠানত অসম চৰকাৰৰ বহু কেইজন মন্ত্ৰী বিধায়ক উপস্থিত থাকে ।

অনুষ্ঠানৰ শেষত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত এনেদৰে মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।