মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি হ’ব ধাৰাবাহিক আন্দোলন

কংগ্ৰেছক পুনৰ সংগঠিত কৰিবৰ বাবে সাংগঠনিক তৎপৰতা গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে।
এই কথা ৰাজীৱ ভৱনত সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
সাংগঠনিক তৎপৰতাৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হ’ব মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ প্ৰসংগ।
এই প্ৰসংগ অসমৰ গাঁৱে ভূঞে বিয়পাই নিব প্ৰদেশ কংগ্ৰেছে। সেয়েহে ৰাজ্যজুৰি মুখ্যন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ কাৰ্য্যসূচী হাতত ল’ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।
এই কথা ঘোষণা কৰে ভূপেন বৰাই।
অহা ২ সপ্তাহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰে ভূপেন বৰাই।
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত বিচাৰি এই আন্দোলনৰ কাৰ্য্যসূচী হাতত ল’ব প্ৰদেশ কংগ্ৰেছে।
উল্লেখযোগ্য যে, নতুন দিল্লীতো কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈ তথ্য সহকাৰে সংবাদমেল সম্বোধন কৰিছিল।