NORTHEAST NOW (Assamese)
অসম

তৃতীয় ঢৌ আৰম্ভ! চিকিৎসালয় নিৰ্মাণ কৰিবলৈ ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চললৈ কেন্দ্ৰৰ পত্ৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 2, 2022 2:46 pm
a -covid-gty-img

নতুন বছৰৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত দেশত কোভিডৰ তৃতীয় ঢৌ আৰম্ভ হৈ যাব বুলি চৰকাৰী পেনেলে সতৰ্ক কৰি দিয়াৰ সময়তে বিগত ২৪ ঘণ্টাত দেশক কোভিডত আক্ৰান্ত হৈছে প্ৰায় ২৮ হাজাৰ লোক।

এনে ঘটনাই দেশত কোভিডৰ তৃতীয় ঢৌ আৰম্ভ হোৱাৰ কথাই চিহ্নিত কৰিছে। কোভিডৰ এনে অপ্ৰতিৰোধ্য গতিৰ মাজতে

কোভিড মোকাবিলা কৰাৰ বাবে,কেন্দ্ৰই সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পত্ৰ প্ৰেৰণ কৰিছে। কেন্দ্ৰই লিখা পত্ৰত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে কোভিড ৰোগী ৰাখিব পৰা অস্থায়ী চিকিৎসালয় স্থাপনৰ নিৰ্দেশ দিয়া হৈছে।লগতে আইচ’লেছনত থকা ৰোগীসকলক নিৰীক্ষণ কৰিবলৈ বিশেষ দল গঠন কৰিবলৈও কেন্দ্ৰই পৰামৰ্শ দিছে।
সকলো ৰাজ্যৰ মুখ্য সচিবলৈ লিখা এখন পত্ৰত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয় যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত স্বাস্থ্য আন্তঃগাঁথনিৰ সময়মতে আৰু দ্ৰুত উন্নীতকৰণৰ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।

হঠাতে আৰু অধিক লোক কোভিডত আক্ৰান্ত হ’লে যাতে সেই পৰস্থিতি মোকাবিলা কৰিব পৰা যায় তাৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলেই সাজু হৈ থকা উচিৎ বুলি ভূষণে কয়।

ইয়াৰ বাবে ৰাজ্য সমূহক ডিআৰডিঅ’ আৰু চি.এছ.আই.আৰ.-ৰ লগতে ব্যক্তিগত খণ্ড, নিগম, বেচৰকাৰী সংগঠন আদিৰ সহায় ল’বলৈও কোৱা হৈছে।

হোটেলৰ কোঠা আৰু অন্যান্য আৱাসসমূহক কোভিডৰ মৃদুৰ পৰা মধ্যমীয়া লক্ষণ থকা ৰোগীসকলক ৰখাৰ বাবে সাজু কৰি ৰাখিবলৈও কোৱা হৈছে।