NORTHEAST NOW (Assamese)
অসম

টকাই টকা! ৰাজস্থানৰ ছনৱালিয়া শেঠৰ মন্দিৰৰ দানপাত্ৰ খুলি হতবাক কৰ্তৃপক্ষ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 2, 2022 4:23 pm

ৰাজস্থানৰ এটা প্ৰাচীন মন্দিৰ ছনৱালিয়া শেঠৰ মন্দিৰ।

এই মন্দিৰৰ দানপাত্ৰ খোলাৰ পিছতে হতবাক হৈ পৰিছে মন্দিৰ পৰিচালনা সমিতি। কিয়নো দানপাত্ৰ খোলাৰ পিছতে ওলাইছে কেৱল টকা আৰু টকা।

শেহতীয়াকৈ শ্ৰী ছনৱালিয়া শেঠৰ দুদিনীয়া মাহেকীয়া মেলাৰ প্ৰথম দিনা অৰ্থাৎ কৃষ্ণ পক্ষ চতুৰ্দশীত ৰাজভোগৰ আৰতিৰ পিছত দানপাত্ৰ খোলা হয়। শ্ৰী ছনৱালিয়া শেঠ মন্দিৰৰ দান পাত্ৰত ২,৫৯ কোটি ৪ হাজাৰ টকা পোৱা গৈছে। এয়া দানপাত্ৰৰ ধন গণনাৰ আৰম্ভনিহে মাথো।

বাকী থকা ধন অমাৱস্যাৰ পিছত গণনা কৰা হ’ব বুলি মন্দিৰ পৰিচালনা সমিতিৰ এগৰাকী সদস্যই জানিবলৈ দিছে।
চিতোৰগড় জিলাৰ উপায়ুক্ত তৰাচান্দ মীনা, অতিৰিক্ত জিলা উপায়ুক্ত, মন্দিৰ মণ্ডলৰ মুখ্য কাৰ্যবাহী বিষয়া ৰতন কুমাৰ স্বামী, শ্ৰী ছনৱালিয়াজী মন্দিৰ মণ্ডল ব’ৰ্ডৰ অধ্যক্ষ কানহাইয়াদাস বৈষ্ণৱ, বোৰ্ডৰ সদস্য ভৈৰুলাল চোনি, বিজয় সিং চৌহান, মদনলাল ব্যাস, প্ৰশাসনিক বিষয়া কৈলাশ চন্দ্ৰ দাধিচ, কেছিয়াৰ নন্দকিশোৰ টেইলৰ আৰু ইষ্টেটৰ ভাৰপ্ৰাপ্ত বিষয়া টেলিকলি ৰতন কুমাৰ স্বামীৰ উপস্থিতিত মন্দিৰৰ দানপাত্ৰ খোলা হৈছিল।

উল্লেখ্য দেশ-বিদেশৰ ভক্তই প্ৰতিবছৰে ৰাজস্থানৰ এই মন্দিৰটো দৰ্শন কৰি আহিছে।

ভক্তসকলে দিয়া দানেৰেই মন্দিৰটো পৰিচালিত হৈ আহিছে।

এইবেলি কোভিড পৰিস্থিতিৰ বাবে মন্দিৰটোলৈ কম সংখ্যক ভক্ত আহিছে যদিও দানৰ পৰিমাণ পিছে মুঠেও কমা নাই।