NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে হাফলঙতো প্ৰতিবাদ

Posted by: পংকজ কুমাৰ দেব Updated by: পংকজ কুমাৰ দেব February 2, 2019 8:42 am
IMG-20190201-WA0012

ৰাজ্যৰ আন আন প্ৰান্তত  নাগৰিকত্ব  সংশোধনী  বিধেয়ক ২০১৬ ক কেন্দ্ৰ কৰি  ক্ষোভৰ জুই জ্বলি  থকা সময়ত পাহাৰীয়া  জিলা ডিমা হাচাওত কিন্তু ইয়াৰ  প্ৰভাৱ পৰা নাছিল। কিন্তু  পলমকৈ হ’লেও এইবাৰ নিদ্ৰা  ভংগ  হৈছে পাৰ্বত্য জিলাখনৰ সচেতন ৰাইজৰ। যাৰ ফলস্বৰূপে শুকুৰবাৰে হাতে হাতে প্লেকাৰ্ড লৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে হাফলঙত প্ৰতিবাদ সাব্যস্ত  কৰা হয়।

কিন্তু এই প্ৰতিবাদ আছু বা কৃষক মুক্তিৰ নহয়। নাগৰিকত্ব  সংশোধনী  বিধেয়ক ২০১৬ বাতিলৰ দাবীত এয়া হৈছে ‘পিপুলছ অৱ ডিমা হাচাও’ নামৰ সংগঠনৰ মৌন প্ৰতিবাদ। পৰোক্ষভাৱে এই প্ৰতিবাদ আছিল কংগ্ৰেছ  দলৰ। কিয়নো হাফলঙৰ নৱ নিৰ্বাচিত পৰিষদ সদস্য তথা কংগ্ৰেছ নেতা ড্যানিয়াল লাংথাচা আৰু জিলা কংগ্ৰেছ  সভাপতি  নিৰ্মল লাংথাচাই এই প্ৰতিবাদী কাৰ্যসূচীত আগভাগ লৈছে।

হাফলং ট্যাক্সি  ষ্ট্যাণ্ডত অনুষ্ঠিত হোৱা এই মৌন প্ৰতিবাদ আবেলি চাৰি বজালৈ চলে যদিও  কিন্তু  ৰাইজৰ ব্যাপক সঁহাৰি  দেখা নগ’ল কিয়নো ‘পিপুলছ অৱ ডিমা হাচাও’ নাম দি ধৰ্নাৰ আয়োজন কৰা হ’লেও কাৰ্যসূচীত অকল কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলেহে ভাগ লৈছিল।

ডিমা  হাচাও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি  নিৰ্মল লাংথাচাই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ বিজেপি দলৰ তীব্ৰ সমালোচনা কৰে। তেওঁ কয় দেবলাল গাৰ্লচা নেতৃত্বাধীন পাৰ্বত্য পৰিষদে এই বিধেয়কক সমৰ্থন জনাই আগতেই চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে।

প্ৰতিবাদী  কাৰ্যসূচীৰ অন্যতম  উদ্যোক্তা পৰিষদ সদস্য ড্যানিয়াল লাংথাচাই কয় যে নাগৰিকত্ব সংশোধনী  বিধেয়ক ২০১৬ আইনত পৰিণত হ’লে ষষ্ঠ  অনুসূচীৰ ডিমা  হাচাও জিলাতো ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব।

উল্লেখযোগ্য যে প্ৰতিবাদী কাৰ্যসূচীত তেনে উপস্থিতি পৰিলক্ষিত নহ’ল। আনহাতে, প্ৰতিবাদী সভাত অংশ লোৱা এগৰাকী গাঁওৰ ৰাইজৰ ভাষ্য অনুসৰি তেওঁলোকক মাতি অনা হৈছে। কিন্তু  কিয়  আহিব লগা হ’ল এই বিষয়ে একো মন্তব্য  নোৱাৰিলে। মাথোঁ ক’লে যে আহিব লাগে বুলিয়েই তেওঁ আহিছে।