NORTHEAST NOW (Assamese)
অসম

এনআৰচিৰ খচৰাত নথকা লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন : উচ্চতম ন্যায়ালয়ৰ জাননী

Posted by: এন ই নাও নিউজ February 2, 2019 9:47 am
supreme-court_of_India

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এনআৰচি) চূড়ান্ত খচৰাত বাদ পৰা লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি দিয়া বিষয়ত প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আৱেদনৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, ভাৰতৰ নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰক জাননী জাৰি কৰিছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাক লৈ গঠিত এখন বিচাৰপীঠে গোপাল ঘোষ নামৰ এগৰাকী সামাজিক কৰ্মীয়ে দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰি এই জাননী জাৰি কৰে।

বাতৰি অনুসৰি অসমৰ শিৱসাগৰ জিলাৰ এগৰাকী বাসিন্দা সুশান্ত সেনৰ গোচৰ সম্পৰ্কত এই আৱেদন জনোৱা হৈছিল। আৱেদনকাৰীৰ অধিবক্তা পীযুষ কে ৰয়ে কয় যে সেনৰ নাম যোৱা ৩০ জুলাইত প্ৰকাশ পোৱা এনআৰচিৰ চূড়ান্ত খচৰাত নহাৰ পাছত ভোটাৰ তালিকাৰ পৰা কাটি দিয়া হৈছে।

আৱেদনখনত কোৱা হৈছে যে সেনৰ নাম ২০১৪ চনৰ ভোটাৰ তালিকাত আছিল কিন্তু এনআৰচিত নাম নহাৰ বাবে তেওঁৰ নামটো কাটি দিয়া হয়। তাৎপৰ্যপূৰ্ণভাৱে আৱেদনকাৰীৰ পৰিয়ালৰ আন সদস্যৰ নাম খচৰা এনআৰচিত অন্তৰ্ভুক্ত হৈছে।

আৱেদনখনত লগতে কোৱা হৈছে যে সম্প্ৰতি জন্মসূত্ৰে বা অইন কোনো দিশেৰে ভাৰতীয় নাগৰিকৰ এক বৃহৎ সংখ্যক, যিসকল পূৰ্বৰে পৰা অসমৰ বাসিন্দা আৰু প্ৰাপ্ত বয়স্ক হোৱাৰে পৰা ভোটদান কৰি আহিছে, তেওঁলোকৰ নাম হঠাতে এনআৰচিৰ পৰা বাদ পৰা পাছতে ভোটাৰ তালিকাৰ পৰা কাটি দিয়াত তেওঁলোক আইনগত অধিকাৰৰ পৰা বঞ্চিত হ’বলৈ আগবাঢ়িছে।

তদুপৰি, আৱেদখনত ‘চূড়ান্ত এনআৰচি প্ৰকাশৰ পূৰ্বেই অসমৰ ভোটাৰ তালিকাৰ পৰা বৃহৎ সংখ্যক লোকৰ নাম কাটি দিয়াটো বৈষম্যমূলক, স্বেচ্ছাচাৰী আৰু অবৈধ তথ নাগৰিকত্ব আইন ১৯৮৫ৰ ৬(ক) ধাৰা আৰু ৰিপ্ৰেজেন্টেশ্যন অৱ পিপুলছ এক্ট ১৯৫১ অনুসৰি প্ৰদান কৰা সা-সুবিধাৰ উলংঘন হিচাপে’ ঘোষণা কৰাৰ আহ্বান জনোৱা হৈছিল।

ইয়াৰ লগতে আৱেদনখনত খচৰা এনআৰচিত বাদ পৰা অসমৰ ভোটাৰ তালিকাৰ পৰা কাটি দিয়া নামসমূহ পুনৰ অন্তৰ্ভুক্ত কৰাৰ বাবে নিৰ্দেশ দিবলৈ আহ্বান জনাইছিল।