NORTHEAST NOW (Assamese)
অসম

মীৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মোদীয়ে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 2, 2022 5:54 pm

নতুন বছৰৰ আৰম্ভনিতে দেশৰ ক্ৰীড়া ক্ষেত্ৰ খনৰক উন্নয়নৰ বাবে চৰকাৰে ভালেমান পদক্ষেপ হাতত লৈছে।

সেইমৰ্মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মীৰাটত দুপৰীয়া প্ৰায় ১ বজাত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰায় ৭০০ কোটি টকা ব্যয়ৰে মীৰাটৰ ছালাৱা আৰু কৈলী গাঁৱত বিশ্ববিদ্যালয়খন স্থাপন কৰা হ’ব।

দেশত বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনি স্থাপন কৰাৰ লক্ষ্যৰেই এই ক্ৰীড়া বিশ্ব বদ্যিালয় খন নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মীৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনে দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ অভূতপূৰ্ব উন্নতি সাধন কৰিব বুলি মোদীয়ে কয়।

ক্ৰীড়া বিশ্ববিদ্যালয়খন ছিন্থেটিক হকী খেলপথাৰ, ফুটবল খেলপথাৰ, বাস্কেটবল, ভলীবল, হেণ্ডবল, কাবাডীৰ বাবে খেলপথাৰ, লন টেনিছ কোৰ্ট, জিমনেছিয়াম হল, সংশ্লেষিত চলমান ষ্টেডিয়াম, চুইমিং পুল, চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ’ব।

ইয়াত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি মুঠ ১০৮০গৰাকী খেলুৱৈক প্ৰশিক্ষণ দিয়া হ’ব।

ষ্টেডিয়াম খনত শ্বুটিং, স্কোয়াছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ প্ৰশিক্ষণৰ ব্যৱস্থাও থাকিব।