NORTHEAST NOW (Assamese)
অসম

লখিমপুৰ খেৰী হত্যাকাণ্ড: ৫০০০ পৃষ্ঠাৰ অভিযোগনামাত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰক প্ৰধান অভিযুক্ত হিচাবে চিহ্নিত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 3, 2022 2:10 pm

দেশজুৰি তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰা উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হত্যাকাণ্ডৰ গোচৰৰ আজি অভিযোগনামা দাখিল কৰে বিশেষ তদন্তকাৰী গোটে।

তদন্তকাৰী গোটে দাখিল কৰা অভিযোগনামাত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক প্ৰধান অভিযুক্ত হিচাবে চিহ্নিত কৰা হৈছে।

চাৰিজন কৃষককে ধৰি মুঠ আঠ জন লোকৰ মৃত্যু ঘটা উক্ত ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে দাখিল কৰা প্ৰায় ৫০০০ পৃষ্ঠাৰ অভিযোগনামাত আশীষ মিশ্ৰৰ লগত ১৪ জন লোকক অভিযুক্ত কৰা হৈছে। অভিযোগনামাত অভিযুক্ত হিচাবে নাম সন্নিবিষ্ট হোৱা আন এজন লোক হৈছে বীৰেন্দ্ৰ শুক্লা।

তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২০১ ধাৰা আৰোপ কৰা হৈছে।

উল্লেখ্য চলিত বৰ্ষৰ ৩ অক্টোৱৰত লখিমপুৰ খেৰীৰ টিকুনিয়া গাঁৱত প্ৰতিবাদকাৰী কৃষকৰ ওপৰেৰে গাড়ী চলাই নিয়াত ৪ জন কৃষকৰ মৃত্যু ঘটিছিল।

এই ঘটনাৰ পিছতে সংঘটিত হিংসাত্মক ঘটনাত আন চাৰিজন লোক নিহত হৈছিল।

প্ৰতিবাদী কৃষকৰ ওপৰেৰে চলাই নিয়া গাড়ীত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ  মিশ্ৰও আছিল।

ইয়াৰ পিছতে আশীষ মিশ্ৰৰ বিৰুদ্ধে টিকুনীয়া থানাত এজাহাৰ দাখিল হৈছিল আৰু দীৰ্ঘ দিনধৰি পলাতক অৱস্থাত থকা মন্ত্ৰী পুত্ৰক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক লখিমপুৰ খেৰী হিংসাৰ গোচৰত আদালতে জামিন প্ৰত্যাখ্যান কৰিছিল।

মুখ্য ন্যায়িক দণ্ডাধীশ চিন্তা ৰামে আশীষ মিশ্ৰ আৰু তেওঁৰ সহযোগী আশীষ পাণ্ডেৰ জামিন আবেদন নাকচ কৰিছিল।

১২ ঘণ্টাৰ জেৰাৰ পিছত বিশেষ তদন্তকাৰী দলে ৯ অক্টোবৰত গ্ৰেপ্তাৰ কৰা আশীষ মিশ্ৰক তিনি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছিল।
আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত তৎপৰতাৰে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল । তেওঁলোক হ’ল – আশীষ মিশ্ৰ, লৱকুশ, আশীষ পাণ্ডে আৰু ভাৰতী।

আশীষ মিশ্ৰৰ ঘনিষ্ঠ বন্ধু অংকিত দাসে লখিমপুৰৰ অপৰাধ শাখা কাৰ্যালয়ত বিশেষ তদন্ত কমিটিৰ সন্মুখত হাজিৰ হৈ আত্ম সমৰ্পন কৰিছিল।

উল্লেখ্য যে অংকিত দাস প্ৰাক্তন মন্ত্ৰী অখিলেশ দাসৰ ভতিজা আৰু খেৰীৰ প্ৰতিবাদী কৃষকক মহতিয়াই নিয়া গাড়ীখন তেওঁৰ মালিকানাধীন বুলি জানিব পৰা গৈছে।