NORTHEAST NOW (Assamese)
অসম

তুলি লোৱা নাবালিকা শিশুক ধৰ্ষণ! পদ্ম জয়ী ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু অসম আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 5, 2022 9:33 am
Assam

এগৰাকী তুলি লোৱা নাবালিকা ছোৱালীক বলাৎকাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে অসমৰ এগৰাকী পদ্ম বঁটা প্ৰাপ্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

অসম আৰক্ষীয়ে পদ্ম বঁটা প্ৰাপ্ত ব্যক্তিজনৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ (পকচো) অধীনত এটা গোচৰ ৰুজু কৰিছে।

এজাহাৰ অনুসৰি, ভুক্তভোগী নাবালিকা গৰাকীয়ে পালক পিতৃয়ে এবছৰ ধৰি তাইক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ইফালে, অভিযুক্ত ব্যক্তিজনক গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে।

জিলা আইনী সেৱা কৰ্তৃপক্ষৰ এজন মুখ্য ন্যায়িক দণ্ডাধীশৰ অভিযোগৰ ভিত্তিত অসম আৰক্ষীয়ে পদ্ম বঁটা প্ৰাপ্ত ব্যক্তিজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

“আমি বিষয়টোৰ ওপৰত মন্তব্য দিব নোৱাৰো কিয়নো ই বিচাৰাধীন। অৱশ্যে, ঘটনাটোৰ তদন্ত চলি আছে।” আৰক্ষীয়ে কয়।

আনহাতে জামিন মঞ্জুৰ কৰি ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীয়ে অভিযুক্তৰ দ্বাৰা কথিত অপৰাধ গুৰুতৰ প্ৰকৃতিৰ বুলি উল্লেখ কৰে।

ইফালে ভুক্তভোগী নাবালিকা গৰাকীক বৰ্তমান বিশেষ আৰক্ষী সুৰক্ষাৰ অধীনত এটা শিশু গৃহত ৰখা হৈছে।