NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত নৈশ কাৰ্ফিউৰ সময়ত অব্যাহত আছে গৰু, অবৈধ সুৰাৰ চোৰাং সৰবৰাহ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ January 9, 2022 1:17 pm
cattle seized in Sibsagar

ৰাজ্যত বৰ্তমান কোভিড-১৯ৰ নিৰ্দেশনা অনুসৰি নৈশ কাৰ্ফিউ চলি আছে যদিও তাৰ মাজতে চোৰাং কাৰবাৰ চলি থকাৰ ঘটনাও পোহৰলৈ আহিছে।

দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ পৰা ৩৭ টা গৰু উদ্ধাৰ কৰাৰ এক ঘটনাই উদঙাইছে গৰুৰ চোৰাং সৰবৰাহৰ তথ্য।

শনিবাৰে নিশা প্ৰায় ২ বজাত শিৱসাগৰৰ এনআৰএল তেল ডিপুৰ সন্মুখত দুখন ট্ৰাকৰ মাজত সংঘটিত হৈছিল মুখামুখি সংঘৰ্ষ।

গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ সুৰা কঢ়িয়াই অনা UP 15 AT 5035 নম্বৰৰ ট্ৰাকখনে তিনিচুকীয়াৰ পৰা গুৱাহাটী দিশে গৈ থকা UP 21 CT1540 নম্বৰৰ ট্ৰাকখনৰ লগত মুখামুখি সংঘৰ্ষত লিপ্ত হয়।

দুৰ্ঘটনা সংঘটিত কৰিয়েই UP 21 CT 1540 নম্বৰৰ ট্ৰাকখনৰ চালক আৰু হেন্দিমেন পলায়ন কৰে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উক্ত ট্ৰাকখনৰ পৰা ৩৭ টা নথি পত্ৰ বিহীন গৰু জব্দ কৰাৰ লগতে আনখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে।

বৰ্তমান সময়লৈকে সুৰাভৰ্তি ট্ৰাকখনৰ পৰাও আৰক্ষীয়ে লাভ কৰা নাই কোনো নথিপত্ৰ।