NORTHEAST NOW (Assamese)
ম্যানমাৰ

কাৰাগাৰেই যেন স্থায়ী ঠিকনা! পুনৰ চাৰি বছৰৰ বাবে কাৰাবাসী হ’ব চ্যু কী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 10, 2022 5:52 pm
Aung San Suu Kyi

কাৰাগাৰেই যেন স্থায়ী ঠিকনা হৈ পৰিছে ম্যানমাৰৰ নেত্ৰী আং চান চ্যু কীৰ। আজি চ্যু কীক পুনৰ চাৰি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে ম্যানমাৰৰ আদালতে।

অবৈধভাৱে ৱাকি-টকী আমদানি কৰা আৰু ক’ৰণা ভাইৰাছৰ নিষেধাজ্ঞা উলংঘা কৰাৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছত সোমবাৰে ম্যানমাৰৰ বহিষ্কৃত নেত্ৰীগৰাকীক চাৰি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

চ্যু কীক যোৱা মাহত আন দুটা পৃথক অভিযোগত দোষী সাব্যস্ত কৰা হৈছিল আৰু চাৰি বছৰৰ কাৰাদণ্ড দিয়া হৈছিল। অৱশ্যে পিছত সামৰিক বাহিনীৰ দ্বাৰা স্থাপিত চৰকাৰৰ মুৰব্বীয়ে এই শাস্তিৰ ম্যাদ আধালৈ হ্ৰাস কৰি দিছিল।

যোৱা ফেব্ৰুৱাৰীত সেনাই চ্যু কীৰ নিৰ্বাচিত চৰকাৰক উৎখাত কৰি ক্ষমতা দখল কৰাৰ পিছত ৭৬ বছৰীয়া শান্তিৰ ন’বেল বঁটা বিজয়ীগৰাকীৰ বিৰুদ্ধে কেইবাটাও গোচৰ পঞ্জীয়ন কৰা হৈছিল।

আনহাতে চ্যু কীৰ সমৰ্থকসকলে অভিযোগ কৰিছে যে চ্যু কীৰ বিৰুদ্ধে এই অভিযোগ সমূহ পৰিকল্পিত ষড়যন্ত্ৰৰ অংশ।

সামৰিক বাহিনীৰ কাৰ্যকলাপক বৈধতা প্ৰদান কৰিবলৈ আৰু চ্যু কীক ৰাজনীতিলৈ ঘূৰি অহাত বাধা দিয়াৰ বাবে এই পৰিকল্পিত গোচৰসমূহ আৰোপ কৰা হৈছে বুলি চ্যু কীৰ সমৰ্থক সকলে অভিযোগ কৰিছে।