NORTHEAST NOW (Assamese)
দেশ

ক’ভিদত আক্ৰান্ত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 10, 2022 5:16 pm
Rajnath Singh

দেশত ক’ভিদৰ তৃতীয় লহৰৰ আশংকাৰ মাজতে আজি ক’ভিদত আক্ৰান্ত হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ।

আজি আবেলি তেওঁ টুইট যোগে ক’ভিদ পজিটিভ ধৰা পৰা বুলি সদৰী কৰে। বৰ্তমান তেওঁ হোম কোৱাৰাণ্টাইনত আছে বুলি লগতে উল্লেখ কৰে।

“মৃদু লক্ষণৰ সৈতে মোৰ শৰীৰত ক’ভিদ পজিটিভ ধৰা পৰিছে। মই বৰ্তমান হোম কোৱাৰাণ্টাইনত আছো। মই অলপতে মোৰ সম্পৰ্কত অহা সকলোকে নিজকে পৃথক কৰিবলৈ আৰু পৰীক্ষা কৰাবলৈ অনুৰোধ জনাইছো।” ৰাজনাথ সিঙে টুইট কৰে।

 

উল্লেখ্য যোৱা কিছু দিন ধৰি দেশত ক’ভিদ সংক্ৰমণ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত দেশত ১.৭৯ লাখ নতুন ক’ভিদ সংক্ৰমিত ৰোগী নথিভুক্ত কৰা হৈছে।

দৈনিক ক’ভিদ সংক্ৰমিত ৰোগীৰ সংখ্যা ১৩.২৯ শতাংশলৈ বৃদ্ধি পাইছে। প্ৰায় ১০ দিন পূৰ্বে দেশত দৈনিক গড়ে ১০,০০০ ৰ পৰা ১৫,০০০ ৰোগীৰ সংক্ৰমণ ধৰা পৰিছিল।