NORTHEAST NOW (Assamese)
অসম

ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানত নিহত হৈছে ১২গৰাকী সাংবাদিক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 27, 2022 2:25 pm
WhatsApp Image 2022-03-27 at 12.03.01 PM

ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ সময়ত আৰম্ভণিৰে পৰা এতিয়ালৈকে বিদেশীকে ধৰি মুঠ ১২গৰাকী সাংবাদিক নিহত হৈছে। দেওবাৰে ইউক্ৰেইনৰ মুখ্য ৰাষ্ট্ৰীয় আইন উপদেষ্টা ইৰিনা ভেনেদিকত’ভাই এই তথ্য সদৰী কৰিছে।

ইৰিনাই লগতে এই সময়ছোৱাত আন ১০গৰাকী সাংবাদিক আহত হোৱা বুলিও দাবী কৰিছে।  

তেওঁ জানিবলৈ দিয়া মতে নিহত সাংবাদিকসকলৰ মাজত আমেৰিকা যুক্তৰাষ্ট্ৰ, আয়াৰলেণ্ড আৰু ৰাছিয়াৰ সাংবাদিকো আছে।

লগতে পঢ়ক: নতুন আইন আনিলে পুটিনে; ভুৱা খবৰ বিয়পালে শাস্তি ১৫ বছৰৰ কাৰাদণ্ড!

সেইদৰে আহত সাংবাদিকসকলৰ মাজত ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, চেক গণৰাজ্য, ডেনমাৰ্ক, চুইজাৰলেণ্ড তথা সংযুক্ত আৰৱ এমেৰিটাছৰ সাংবাদিকো আছে বুলি ইৰিনা ভেনেদিকত’ভাই জানিবলৈ দিয়ে।

ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযান চলোৱা এমাহ অতিক্ৰম কৰিছে আৰু এই অভিযানত ইউক্ৰেইনৰ সেনাৰ লগতে বহু সাধাৰণ নাগৰিকো নিহত হৈছে।

লগতে পঢ়ক: এদিনতে ২২৩কোটি টকাৰ ব্যৱসায় কৰি ‘বাহুবলী-২’ৰ অভিলেখ ভংগ কৰিলে ৰাজামৌলিৰ RRR-য়ে

আনহাতে, ইউক্ৰেইনে দাবী কৰা মতে এই যুদ্ধত ৰাছিয়াৰো ব্যাপক ক্ষতিসাধন হৈছে। ৰাছিয়াৰ সাতজনকৈ সেনা জেনেৰেলৰ লগতে বহু সেনা এই যুদ্ধত নিহত হোৱাৰ দাবী কৰা হৈছে।