NORTHEAST NOW (Assamese)
অসম

বহিঃৰাজ্যত চলন্ত ৰেলত হত্যাৰ বলি হ’ল অসমৰ যুৱক

Posted by: মৃদুল প্ৰীতম ডেকা,হাজো Updated by: মৃদুল প্ৰীতম ডেকা,হাজো January 10, 2022 8:58 pm

বহিঃৰাজ্যত চলন্ত ৰেলত হত্যাৰ বলি হ’ল অসমৰ যুৱক।

যুৱক জনক কামৰূপৰ কুলহাটীৰ ভাস্কৰজ্যোতি দাস বুলি চিনাক্ত কৰা হৈছে।

তেওঁ চিআৰ পিএফৰ জোৱান আছিল।

ছত্তিশগড়ত চি আৰ পি এফত কৰ্মৰত আছিল জোৱান জন ।

চলন্ত ৰেলতে দুৰ্বৃত্তই হত্যা কৰিলে CRPF জোৱান জনক ।

মাঘৰ বিহুৰ বাবে ছুটিলৈ ঘৰলৈ আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা ৷

নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছত সংঘটিত হৈছে এই কাণ্ড ৷

ছত্তিছগড়ৰ বিজাপুৰত কৰ্মৰত আছিল জোৱানজন ৷

ৰাইগঞ্জত উদ্ধাৰ হৈছে CRPF জোৱান জনৰ মৃতদেহ ৷