NORTHEAST NOW (Assamese)
অসম

উৰুকাত থলুৱা মাছৰ উজান উঠিছে শিৱসাগৰত

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ January 13, 2022 11:08 am

উৰুকাত থলুৱা মাছৰ সোৱাদ পাব শিৱসাগৰবাসীয়ে।
ভটিয়াপাৰত উঠিছে মাছৰ উজান।

ৰৌ, বাহু, বি গ্ৰেট, চিলভাৰ কাপ, চিতল আদি মাছৰ উজান উঠিছে উদ্যোগী যুৱক হৰিপ্ৰসন্ন হাজৰিকাৰ ৭০ বিঘাৰ ফিচাৰীত।
উৰুকা উপলক্ষে বিগত ৭ দিন ধৰি এইদৰে মাছ মাৰি বিক্ৰী কৰি আছে ভটিয়াপাৰত।

বজাৰতকৈ কম মূল্যত গ্ৰাহকে কিনিব পাৰিছে এই মাছ। কাহিলী পোৱাৰে পৰা গ্ৰাহকৰ ভিৰ লাগিছে মাছ ক্ৰয়ৰ বাবে।

মীন পালনৰ জড়িয়তে স্বাৱলম্বী হোৱা হৰিপ্ৰসন্ন হাজৰিকাৰ এই প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে।

ইপিনে একেই দৃশ্য দেখিবলৈ পোৱা গৈছে ঐতিহাসিক পহু গড়তও। পহু গড়ৰ বৃহৎ বৃহৎ ফিচাৰীত থলুৱা মাছ ক্ৰয়ৰ বাবে ভিৰ কৰিছেহি গ্ৰাহকে।