NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী ৰে’লৱে ষ্টেইশ্যনত ২.৫ লাখ মূল্যৰ কোৰিয়ান চিগাৰেট জব্দ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 12, 2019 7:58 pm
Korean-cigarettes

গভৰ্মেণ্ট ৰে’লৱে আৰক্ষী(জি আৰ পি)য়ে শনিবাৰে গুৱাহাটী ৰে’ল ষ্টেইশ্যনত ৩৩০ পেকেট কোৰিয়ান চিগাৰেটৰ সৈতে দুজন সৰবৰাহকাৰীক আটক কৰে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, শনিবাৰে ৰাতিপুৱা ৰে’ল আৰক্ষীৰ নিয়মিত তালাচীৰ সময়তে চিগাৰেট সমূহ জব্দ কৰা হয়।

জব্দ কৰা বৃহৎ পৰিমানৰ চিগাৰেটখিনিৰ বজাৰ মূল্য প্ৰায় ২.৫ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।

আনহাতে, আটকাধীন যুৱক দুজন অৰবিন্দ কুমাৰ(২৩) আৰু চি কাৰ্তিক(২৬)বুলি চিনাক্ত কৰা হৈছে।

দুয়োগৰাকী যুৱক মণিপুৰৰ তেংনোপাল জিলাৰ বাসিন্দা।

দুয়োগৰাকী যুৱকে যশোৱন্তপুৰম এক্সপ্ৰেছ ৰে’লগাড়ীখনত তিনিটা বেগত চিগাৰেটখিনি লৈ অহাৰ সময়তে আৰক্ষীৰ জালত ধৰা পৰে।

যুৱক দুজনে চিগাৰেটখিনি ডিমাপুৰৰ পৰা বাংগালুৰুলৈ বিক্ৰীৰ বাবে লৈ গৈ আছিল।

ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে বৰ্তমান আটকাধীন দুয়োগৰাকী যুৱকক ৰে’ল আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।