NORTHEAST NOW (Assamese)
শিক্ষা

উত্তৰ-পূব মহাকাশ প্ৰায়োগিক কেন্দ্ৰ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মাজত উত্তৰ-পূৰ্বাঞ্চলত মহাকাশ বিজ্ঞানৰ গৱেষণা আৰু শিক্ষাৰ উন্নতিৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 31, 2025 5:37 pm

ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ উত্তৰ-পূব মহাকাশ প্ৰয়োগিক কেন্দ্ৰ (নেছাক) আৰু নগাঁৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ ২৮ জানুৱাৰীত এক ঐতিহাসিক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । নেছাকৰ সঞ্চালক ড এছ. পি. আগৰৱাল আৰু বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড শৰৎ হাজৰিকাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, আৰ এচ এ জিৰ গ্ৰুপ হেড ড কে কে শৰ্মা, পি পি ই জিৰ হেড ড বিকে সন্দিকৈ, বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক ড বিচিত্ৰ বিকাশ, পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী ড কমল কুমাৰ তাঁতী আৰু নেছাকৰ সকলো বিভাগৰ মুৰব্বী জ্যেষ্ঠ বিজ্ঞানীসকলৰ উপস্থিতিত এই চুক্তিত স্বাক্ষৰ কৰে।

বুজাবুজিৰ চুক্তিৰ এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই দুয়োটা অনুষ্ঠানৰ যুটীয়া  শিক্ষা আৰু গৱেষণাৰ বিভিন্ন পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিয়ে দুয়োটা প্ৰতিষ্ঠানৰে শিক্ষাবিদ-বিজ্ঞানী আৰু গৱেষকসকলক উপকৃত কৰিব । তেওঁ উল্লেখ কৰে যে নেচাকৰ খ্যাতি সম্পন্ন বিজ্ঞানীসকলক বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক হিচাপে সন্মানিত কৰা হ’ব। নেছাকৰ সঞ্চালক ড এছ.পি. আগৰৱালাই তেওঁৰ ভাষণত নেছাকৰদ্বাৰা প্ৰতিষ্ঠাপিত কৰিবলৈ লোৱা অঞ্চলটোৰ সৰ্ববৃহৎ ড্ৰোন সুবিধা আৰু ড্ৰোন পাইলট প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়ে উল্লেখ কৰে, যিয়ে উত্তৰ-পূব অঞ্চলৰ যুৱক-যুৱতীসকলক উপকৃত কৰিব। তেওঁ লগতে কয় যে যৌথ ক্ষমতা নিৰ্মাণ পাঠ্যক্ৰমে অঞ্চলটোৰ শিক্ষাৰ্থী আৰু গৱেষকসকলক উপকৃত কৰিব।

এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে বিশ্ববিদ্যালয়খনত দুটা নতুন যুটীয়া বিদ্যায়তনিক পাঠদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে – পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ আৰু ৰিম’ট ছেনছিং আৰু জিআইএছত স্নাতকোত্তৰ ডিপ্লমা। এই পাঠ্যক্ৰমসমূহত নেছাকৰ বিজ্ঞানীসকল আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে যুটীয়াভাৱে পাঠদান কৰিব। এই কাৰ্যসূচীসমূহে মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বৰ্ধিত ক্ষেত্ৰখনত অৰিহণা যোগাবলৈ শিক্ষাৰ্থীসকলক প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞান প্ৰদান কৰিব।

বুজাবুজিৰ চুক্তিৰ অংশ হিচাপে, বিশ্ববিদ্যালয়ে নেছাকক এক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে স্বীকৃতি দিব, যাৰ ফলত দুয়োটা প্ৰতিষ্ঠানৰ মাজৰ সহযোগিতা অধিক শক্তিশালী হ’ব। এই চুক্তিয়ে নেছাক আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু গৱেষকসকলৰ দক্ষতা ব্যৱহাৰ কৰি যুটীয়া গৱেষণা প্ৰকল্পৰ পথো মুকলি কৰিব।

এই সহযোগিতাৰ ফলস্বৰূপে নগাঁৱস্থিত বিশ্ববিদ্যালয়খনত কেইবাটাও অত্যাধুনিক মহাকাশ আৰু বায়ুমণ্ডলৰ গৱেষণাৰ সঁজুলি স্থাপন কৰা হ’ব। ইতিমধ্যে এটা বজ্ৰ নিৰূপক যন্ত্ৰ স্থাপন কৰা হৈছে, যিটোৱে বিশ্ববিদ্যালয়খনৰ বায়ুমণ্ডলীয় অধ্যয়নৰ সামৰ্থ্য বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে । এনে অধিক উন্নত সঁজুলি স্থাপন কৰিলে শিক্ষাৰ্থী আৰু গৱেষকসকলে অত্যাধুনিক প্ৰযুক্তিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব, যাৰ ফলত উচ্চমানৰ গৱেষণা আৰু শিক্ষা সম্ভৱপৰ হ’ব।এই অংশীদাৰীত্বই উত্তৰ-পূৰ্বাঞ্চলত মহাকাশ বিজ্ঞান শিক্ষা আৰু গৱেষণাক যথেষ্টভাৱে আগুৱাই নিব বুলি আশা কৰা হৈছে, যাৰ দ্বাৰা শিক্ষাৰ্থীসকলে মূল্যবান সুযোগ লাভ কৰিব আৰু এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰখনত দক্ষতা বৃদ্ধি কৰাত সহায়ক হ’ব ।