NORTHEAST NOW (Assamese)
অসম

বিজেপিত আকৌ দাগ! ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ যোৰহাট জিলাৰ যুৱ মৰ্চাৰ উপ-সভাপতি চন্দন বৰুৱা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 31, 2025 6:17 pm

ধৰ্ষণৰ গোচৰৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। ধৰ্ষণৰ অভিযোগত অভিযুক্ত হোৱাৰে পৰা ধৰ্ষণকাৰীক ৰক্ষণা-বেক্ষণ দিয়ালৈকে সকলোতে বিজেপি নেতাই যেন  একছত্ৰী সম্ৰাট।

শেহতীয়াকৈ অসম আৰক্ষীয়ে ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে যোৰহাট জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উপ-সভাপতি চন্দন বৰুৱাক।

গুৱাহাটীৰ এগৰাকী মহিলাক ধৰ্ষণ আৰু ব্লেকমেইলিং কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিজেপি নেতাগৰাকীক।

বৃহস্পতিবাৰে নিউ গুৱাহাটীৰ পৰা লতাশিল আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

গুৱাহাটীৰ লতাশিল থানাত ভুক্তভোগীয়ে দাখিল কৰা এজাহাৰৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

অভিযোগ অনুসৰি বৰুৱাই মহিলাগৰাকীক ধৰ্ষণ কৰাই নহয় ব্লেকমেইলিং কৰাৰ লগতে ভাবুকিও দিয়ে। তদন্তৰ অন্তত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি পৰৱৰ্তী সময়ত নতুন গুৱাহাটী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰৰ পিছত বৰুৱাক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় তাৰপিছত তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে এই গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো বৰুৱাক গ্ৰেপ্তাৰ সন্দৰ্ভত বিজেপিয়ে মুখ খোলা নাই।