NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবী নস্যাৎ কেন্দ্ৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 19, 2019 11:32 am
Rao-Inderjit-Singh-1140x570

কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহকে ধৰি কোনো ৰাজ্যকে বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ সম্ভাৱনা নস্যাৎ কৰিছে।

‘’কোনো ৰাজ্যকে বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ কোনো পৰিকল্পনা নাই,’’- কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ এক প্ৰশ্নৰ উত্তৰত পৰিসংখ্যা আৰু পৰিকল্পনা বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিঙে এইদৰে কয়।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে অন্ধ্ৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগই কেন্দ্ৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা দাবী কৰি আহিছে।

কেইবা বছৰো ধৰি বিশেষ ৰাজ্যৰ মৰ্যাদা ভোগ কৰি অহা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ এই মৰ্যাদা বিজেপি নেতৃত্বাধীন এন ডি এ  চৰকাৰখনে কৰ্তন কৰে।

‘’অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাটো এটা যৌথ কোপাৰেটিভ ফেডাৰেলিজমৰ উলংঘা নহয়নে সেয়া মই জানিব বিচাৰিছিলো,’’-বৰাই কয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে, অৱশ্যে, কয় যে যে নীতি আয়োগে দেশখনত কোপাৰেটিভ ফেডাৰেলিজম আৰু কম্পটিটিভ ফেডাৰেলিজমক তুলি ধৰাৰ প্ৰয়াস চলাই আছে।

ভাৰত চৰকাৰে কম্পিটিটিভ ফেডাৰেলিজম প্ৰম’ট কৰাৰ বাবে উন্নত প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ নথি প্ৰস্তুত কৰিছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত সিঙে কয়, ‘’ আমি কোনো নথি প্ৰস্তুত কৰা নাই। অৱশ্যে, পৰামৰ্শটো ভাল আৰু আমি এই বিষয়ে চিন্তা কৰিম।‘’