NORTHEAST NOW (Assamese)
মণিপুৰ

‘অল আউট একশ্যন মোড’ত কেন্দ্ৰীয় চৰকাৰ : অশান্ত মণিপুৰলৈ ৫০০০ সেনা-জোৱান প্ৰেৰণ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 18, 2024 9:20 pm

‘অল আউট একচন মোড’ত কেন্দ্ৰীয় চৰকাৰ। কঠোৰ হাতেৰে দমন কৰা হ’ব মণিপুৰৰ হিংসা। হিংসাত্মক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চি আৰ পি এফ জোৱানৰ আন ৫০টা কোম্পানী নিয়োগ কৰিছে চৰকাৰে।

এতিয়াৰে পৰা ২৪ ঘন্টাই মণিপুৰত নিৰাপত্তা বাহিনীয়ে অভিযান চলাব। সোমবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে এই বিষয়ত হাই ভল্টেজ বৈঠক অনুষ্ঠিত কৰে।

মন কৰিবলগীয়া যে ৭ নৱেম্বৰৰ পৰা পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। বিশেষকৈ ইয়াৰ জিৰিবাম জিলাত। এই পৰ্যন্ত জিলাখনত ২০ জন লোকৰ মৃত্যু হৈছে।

পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ১৪ নৱেম্বৰত কেইবাটাও অঞ্চলত পুনৰ AFSPA কাৰ্যকৰী কৰা হৈছে।
বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা। ইতিমধ্যে গৃহ মন্ত্ৰালয়ে জিলাখনত ২০টা অৰ্ধসামৰিক কোম্পানী মোতায়েন কৰিছিল। এতিয়া আৰু ৫০টা অৰ্ধসামৰিক কোম্পানী অৰ্থাৎ ৫০০০ চি আৰ পি এফ জোৱান নিয়োগ কৰা হৈছে। মুঠতে মণিপুৰৰ অৰ্ধসামৰিক বাহিনী এতিয়া প্ৰায় এক লাখ।

সূত্ৰ অনুসৰি কেন্দ্ৰই অৰ্ধসামৰিক বাহিনীক সৰ্বাত্মক অভিযান চলাবলৈ নিৰ্দেশ দিছে। ইয়াত সক্ৰিয় সকলো বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰিবলৈ আৰু প্ৰয়োজন হ’লে হত্যা কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

চোৰাংচোৱা বিভাগৰ পৰা তথ্য সংগ্ৰহ কৰি সশস্ত্ৰ বিদ্ৰোহীৰ হাতত কি কি অস্ত্ৰ আছে, ক’ত আছে সেই বিষয়ে জানিবলৈ নিৰ্দেশ দিছে চৰকাৰে।

ম্যানমাৰ সীমান্তৰ ঠায়ে ঠায়ে নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলাব। অৰ্ধসামৰিক বাহিনীক কঠোৰ হাতেৰে পৰিস্থিতি চম্ভালিবলৈ নিৰ্দেশ দিয়া হৈছে।