NORTHEAST NOW (Assamese)
অসম

চাপৰত তীৰ খেলৰ চাৰিজন এজেণ্টক আটক

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ January 13, 2022 11:32 am

আৰক্ষীয়ে অভিযান চলাই চাপৰৰ বিভিন্ন স্থানৰ পৰা ৪টা তীৰ খেলৰ এজেণ্টক আটক কৰে।

চাপৰ থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কাকতিৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই অভিযান চলাই চাপৰৰ ফলিমাৰীৰ পৰা মহিজুল হ’ক, শ্বাহজামাল শ্বেখ, হাচান আলী আৰু খৰিদা গোসাঁইগাঁওৰ পৰা আব্দুল গফুৰক আটক কৰি থানালৈ আনি সোধা-পোছা আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে চাপৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত দীৰ্ঘদিনৰে পৰা অবৈধ তীৰ খেল চলি থকাত বহুসংখ্যক দৰিদ্ৰ লোক ক্ষতিগ্ৰস্ত হৈছে।

চাপৰবাসী ৰাইজে চাপৰ থানা এলেকাত অবৈধ তীৰ খেলৰ লগতে বিভিন্ন ধৰণৰ জুৱা খেল অতি শীঘ্ৰে বন্ধ কৰিবলৈ চাপৰ থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক আহ্বান জনাইছে।