NORTHEAST NOW (Assamese)
অসম

পুনৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, বাগৰিল ১৩টাকৈ দবা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 29, 2020 6:41 pm
a traion

ক’ৰ’ণাতংকৰ  বাবে দেশৰ ৰে’ল যোগাযোগ ব্যৱস্থা মাহৰ পিছত মাহ ধৰি বন্ধ হৈ থকাৰ পিছত এতিয়া পুনৰ ৰে’ল সমূহ সীমিত হাৰত চলিবলৈ আৰম্ভ কৰিছে।

এনে সময়তে আজি ওড়িশাত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।

আজি পুৱা এটা সুৰংগৰ ভিতৰত দুৰ্ঘটনাত পতিত হয় মালবাহী এখন ৰে’ল।

ওড়িশাৰ কোৰাপুট জিলাৰ জাৰাতি আৰু মালিগুড়া ৰে’ল ষ্টেছনৰ মাজত থকা এটা সুৰংগৰ ভিতৰত মালবাহী ৰে’ল খনৰ ১৩ টাকৈ দবা ৰে’ল লাইনৰ পৰা বাগৰি পৰে।

ৰে’ল খনে কিৰাণদুলৰ পৰা বিশাখাপট্টনমৰ দিশে গৈ আছিল।

এই ঘটনাৰ আঁৰত মাওবাদীৰ হাত থাকিব পাৰে বুলি বহুতে সন্দেহ ব্যক্ত কৰিছে যদিও ৰে’ল বিভাগৰ তৰফৰ পৰা এই বিষয় কোনো কথা স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই।

দুৰ্ঘটনাটোৰ ফলত ৰে’ল লাইনৰ বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।

ৰে’ল বিভাগে যুদ্ধকালিন তৎপৰতাৰে ৰে’ল লাইনটো মুকলি কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।