NORTHEAST NOW (Assamese)
অসম

আজি মাঘ বিহু,বুঢ়া মেজী জ্বলাই সকলোৱে ৰক্ষা কৰিলে পৰম্পৰা

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক January 14, 2022 3:41 pm

আজি মাঘ বিহু। টীয়কৰ কাকজান বামকুকুৰাচোৱা গাঁৱতো পৰম্পৰা ৰক্ষা কৰি জ্বলোৱা হ’ল মেজি।

গাঁৱৰ বয়োজ্যেষ্ঠ সকলে হৰিধ্বনি দি মাঘৰ মেজি জ্বলাই সকলোৰে কুশল কামনা কৰে।লগতে মঘীয়া জুইৰ ওম লৈ মেজিৰ কাষত ললে বিহুৰ জলপানৰ জুতি।

উল্লেখযোগ্য যে পূৰ্বৰ পৰা ব কুকুৰাচুৱা গাঁৱবাসীয়ে এইদৰে মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰি আহিছে।

উৰুকাৰ নিশা ভোজ ভাতৰ পাছত পুৱা গাঁৱৰ পুৰুষ মহিলা বৃদ্ধ বৃদ্ধা সকলো বুঢ়া মেজিৰ তলত আধ্যাত্মিকতা ৰক্ষা কৰি সেৱা লয় ।লগতে সকলোৱে মেজি স্থলীতে একেলগে পুৱাৰ চাহ জলপান গ্ৰহণ কৰে

আৰু সকলোৰে মংগল কামনা কৰি বুঢ়া মেজিৰ তলত সেৱা লৈছে।উল্লেখযোগ্য যে মেজিৰ পাছতে দিনৰ ভাগত টেকেলী ভঙা,ৰচী টনা,দৌৰ,পিছল খুটাত বগুৱা আদি পৰম্পৰাগত খেলৰ প্ৰতিযোগিতাৰ অনুস্থিত কৰিছে আৰু সন্ধিয়া স্থানীয় শিল্পীসকলৰ সমাহাৰে এক সাংস্কৃতিক কাৰ্যসূচীও আয়োজন কৰিছে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।