NORTHEAST NOW (Assamese)
অসম

উৰুকাৰ নিশা মহানগৰীৰ ৰাজপথত কিমান টকাৰ জৰিমনা আদায় কৰিলে আৰক্ষীয়ে?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 14, 2022 8:25 pm

উৰুকা অথবা ৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত প্ৰতিবছৰে বহু কেইটা পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছিল যদিও এইবেলি উৰুকাৰ নিশা পথ দুৰ্ঘটনাৰ সংখ্যা বিগত বছৰ সমূহতকৈ কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

অসম আৰক্ষীয়ে পথ সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা কঠোৰ নিয়মৰ বাবেই পথ দুৰ্ঘটনাৰ ঘটনা হ্ৰাস পোৱা বুলি ধাৰণা কৰা হৈছে।

উৰুকাৰ নিশা গুৱাহাটী মহানগৰীত যান-বাহন আইন উলংঘা কৰাৰ অপৰাধত আৰক্ষীয়ে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ১১.৫২ লাখ টকা।

মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে ৪৮ জনক, হেলমেট পৰিধান নকৰাৰ বাবে ৫৮ জনক,ছিয বেল্ট নমৰাৰৰ বাবে ২২ জনক,অন্যান্য ট্ৰেফিক আইন উলংঘা কৰাৰ বাবে ৫৯৬ জনক আৰক্ষীয়ে জৰিমনা বিহে।