NORTHEAST NOW (Assamese)
অসম

কিংবদন্তি নৃত্যশিল্পী পণ্ডিত বিৰজু মহাৰাজৰ দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 17, 2022 9:18 am

দেশৰ এগৰাকী কিংবদন্তি নৃত্যশিল্পী, কথক নৃত্যৰ সাধক পণ্ডিত বিৰজু মহাৰাজৰ ৮৩ বছৰ বয়সত দেহাৱসান ঘটিছে। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে প্ৰসিদ্ধ নৃত্যশিল্পীগৰাকীয়ে।

দেওবাৰে নিশা দিল্লীৰ বাসভৱনত নাতিয়েকৰ সৈতে খেলি থকাৰ মাজতে হঠাতে স্বাস্থ্যৰ অৱনতি ঘটে। তেওঁক ততাতয়াকৈ দিল্লীৰ ছাকেট হাস্পাতাললৈ নিয়া হয় যদিও তাত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

বিগত বহুদিন ধৰি কিংবদন্তি নৃত্যশিল্পীগৰাকী কিডনিৰ সমস্যাত ভূগি আছিল।

১৯৩৭চনৰ ৪ ফেব্ৰুৱাৰীত লক্ষ্ণৌৰ এটি প্ৰখ্যাত কথক নৃত্যশিল্পীৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল বিৰজু মহাৰাজে। জন্মসূত্ৰে তেওঁৰ নাম আছিল ব্ৰীজমোহন নাথ মিশ্ৰ। তেওঁৰ গুৰু আছিল পিতৃ অচ্ছন মহাৰাজ।

লগতে পঢ়ক: Covid Update: ৰাজ্যত অব্যাহত কোভিডৰ দ্ৰুত সংক্ৰমণ; নতুনকৈ ২৪ ঘন্টাত কিমান হ’ল আক্ৰান্ত?

শিশুশিল্পী হিচাপেই তেওঁ পিতৃৰ সৈতে মঞ্চত অংশগ্ৰহণ কৰিছিল। কিশোৰ কালতে তেওঁৰ নামৰ সৈতে ‘গুৰু’ উপাধি সাঙোৰ খাই পৰিছিল। নৃত্য প্ৰথম প্ৰেম আছিল যদিও শাস্ত্ৰীয় সংগীতৰ ওপৰতো তেওঁৰ প্ৰভুত দখল আছিল।        

মাত্ৰ ২৮ বছৰ বয়সতে সংগীত নাটক একাডেমী পুৰস্কাৰ লাভ কৰিছিল বিৰজু মহাৰাজে। ১৯৮৩চনত ভাৰত চৰকাৰে তেওঁক পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰে। তেওঁ কালিদাস সন্মানেৰেও সন্মানিত হৈছিল।

পণ্ডিত বিৰজু মহাৰাজে কেইবাখনো ছবিত ক’ৰিওগ্ৰাফী কৰিছিল। তেওঁ সত্যজিৎ ৰায়ৰ ‘শতৰঞ্জ কি খিলাড়ী’তো কাম কৰিছিল। তেওঁ  ‘দেবদাস’, ‘বাজীৰাও মস্তানি’ৰ দৰে ছবিতো কৰিঅ’গ্ৰাফী কৰিছে। তেওঁ ‘বিশ্বৰূপম’ ছবিৰ কৰিঅ’গ্ৰাফীৰ বাবে চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল।

লগতে পঢ়ক:দুৰ্দান্ত লক্ষ্য সেন! বিশ্ব চেম্পিয়নক হৰুৱাই ইণ্ডিয়া অ’পেন বেডমিন্টনৰ খিতাপ ভাৰতীয় তৰুণ শ্বাটলাৰৰ

দেশৰ অগণন নৃত্যপ্ৰেমী জনগণৰ প্ৰিয় নৃত্যশিল্পীগৰাকীৰ মৃত্যুত নৃত্য জগতৰ লগতে সৰ্বত্ৰ শোকৰ ছাঁ পৰিছে।