NORTHEAST NOW (Assamese)
অসম

টীয়কত ক’ভিড SOP মানি প্ৰাইজমণি ভলীবলৰ চূড়ান্ত খেলত নিশা দুয়ো দলকে বিজয়ী ঘোষণা

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক January 17, 2022 10:55 am
Vollyball in Teok

টীয়কৰ পহুচুঙী গাঁও আৰু বৰবৰা গাঁৱৰ যুৱক তথা টীয়ক ক্ৰীড়া সন্থাৰ উদ্যোগত দেওবাৰে এখনি এদিনীয়া প্ৰাইজমণি ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল।

টীয়কৰ পহুচুঙী গাঁৱৰ নামঘৰৰ সমীপত আয়োজিত এই প্ৰতিযোগিতাখনিত যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়াকে ধৰি প্ৰায় ১৪ টাকৈ দলে যোগদান কৰে।

পুৱা টীয়ক ক্ৰীড়া সন্থাৰ সভাপতি তৰুণ বৰাই পতাকা উত্তোলনৰে আৰু উদযাপন সমিতিৰ সভাপতি লাতু বৰবৰাই স্মৃতি তৰ্পণেৰে আৰম্ভ কৰা এই প্ৰতিযোগিতাখন চৰকাৰে বান্ধি দিয়া প্ৰতিটো ক’ভিড নীতি অৱলম্বন কৰি অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়।

লগতে পঢ়ক: দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত অনিশ্চিত অসমৰ প্ৰতীকপট! উপেক্ষিত শ্বহীদ কনকলতা

তদুপৰি, ক্ৰীড়াৰ পৰিবেশে অনাগত দিনত গ্ৰাম্যাঞ্চলৰ প্ৰতিভাসমূহ বিকাশৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।

ইপিনে চূড়ান্ত খেলত প্ৰতিদ্বন্দিতা কৰে নাহৰকটীয়া আৰু পূণ্য আই টি আই ভলীবল দলে।

ক’ভিড বিধি অনুযায়ী নিশা সময় হোৱাত চূড়ান্ত খেলখন অসমাপ্ত হৈ ৰোৱাত দুয়োটা দলকে যুগ্ম বিজয়ী হিচাপে ঘোষণা কৰা হয়।