NORTHEAST NOW (Assamese)
অসম

টীয়কত ভয়ংকৰ অগ্নিকাণ্ড, ১০ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক January 19, 2022 10:33 am
Assam

যোৱা নিশা টীয়কত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। টীয়কৰ হস্পিতেল তিনিআলিস্থিত প্ৰজ্ঞা গ্ৰ’চাৰীত এই অগ্নিকাণ্ড সংঘটিত হয়।

চৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে। অৱশ্যে বৰ্তমানলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

অগ্নিকাণ্ডৰ ফলত গ্ৰ’চাৰীখনৰ বহু মূল্যবান সামগ্ৰীৰ বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে। ক্ষয়-ক্ষতিৰ পৰিমাণ প্ৰায় ১০ লাখ টকাৰ অধিক হ’ব বুলি গ্ৰ’চাৰীখনৰ গৰাকীয়ে জানিবলৈ দিয়ে।

জানিব পৰা মতে জুইৰ ধোৱা দেখি স্থানীয় একাংশ যুৱকে ততাতৈয়াকৈ দোকানৰ মালিক তথা আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে।

অৱশ্যে অগ্নিনিৰ্ব্বাপক বাহিনী আহি পোৱালৈকে স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয়।