NORTHEAST NOW (Assamese)
অসম

উত্তৰ শালমাৰত দুৰ্বিসহ জীৱন কটোৱা বৃদ্ধা সুশীলা ৰায়ৰ গৃহত আক্ৰাছুৰ সঁজাতি দল

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও January 20, 2022 2:04 pm

সদৌ বঙাইগাঁও জিলা কোচ-ৰাজবংশী ছাত্র সন্থাৰ এটি সঁজাতি দলে  বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত উত্তৰ শালমাৰা পাহাৰতলিত ৰে’ল বিভাগে ৰে’ল লাইনৰ বাবে দুবিঘা মাটি কাঢ়ি নি এটকাও ক্ষতিপূৰণ নিদিয়া, দুৰ্বিসহ জীৱন যাপন কৰি থকা এগৰাকী অতি দুখীয়া অকলশৰীয়া বৃদ্ধা সুশীলা ৰায়ৰ গৃহত খা-খবৰ লবলৈ উপস্থিত হয়।

ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধি দলে বৃদ্ধা সুশীলা ৰায়ৰ খা-খবৰ লোৱাৰ লগতে তেওঁলোকে নিজৰ প্ৰচেষ্টাৰে কম্বল, তুলি, উৰা চাদৰ আদি প্ৰদান কৰে ৷ বৃদ্ধা গৰাকীক সকলো সা-সুবিধা প্ৰদানৰ বাবে প্ৰশাসনৰ লগত যোগাযোগ কৰে প্ৰতিনিধি দলটেৱে ৷
উল্লেখ্য যে প্ৰশাসনে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ বাবে সংগঠনটোক প্ৰতিশ্ৰুতি দিয়ে।

প্ৰতিনিধি দলটোত সদৌ বঙাইগাঁও জিলা আক্ৰাছুৰ সভাপতি সঞ্জীৱ কোচ, কেন্দ্রীয় আক্ৰাছুৰ প্ৰচাৰ সম্পাদক ধীৰাজ পাঠক, বঙাইগাঁও জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক শিৱেন নাৰায়ণ দেৱ, বঙাইগাঁও জিলা আক্ৰাছুৰ বিভিন্ন বিষয়ববীয়া আৰু উত্তৰ শালমাৰা আঞ্চলিকৰ সভাপতি, সম্পাদক তথা আঞ্চলিকৰ বিষয়ববীয়াসকলে দলটিত সৈতে সংগ দিয়ে ৷