NORTHEAST NOW (Assamese)
অসম

চাকৰিকালত মৃত্যু হোৱা অসমৰ চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালক ৫ লাখকৈ টকা; গুৱাহাটীত সাহায্য প্ৰদান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Posted by: এন ই নাও নিউজ April 8, 2018 10:27 pm
himanta biswa sarma

চাকৰিত থকা অৱস্থাত অসমত আজিলৈকে মৃত্যু হোৱা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সৰ্বশিক্ষা অভিযান, টেট শিক্ষক আৰু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ কৰ্মচাৰীসকলৰ পৰিয়ালক আজি ৮ এপ্ৰিলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত ৫ লাখকৈ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়। তাৰোপৰি ৰাজ্যৰ জিলা, ব্লক, সামূহিক স্বাস্থ্য কেন্দ্ৰকে ধৰি বিভিন্ন নিৰ্বাচিত চিকিৎসালয়ক গ্ৰে’ড অনুসৰি ২০১৮ বৰ্ষৰ কায়কল্প বঁটা প্ৰদান কৰা হয়।

চাকৰিত থকা অৱস্থাত প্ৰাণ হেৰুওৱা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সৰ্বশিক্ষা অভিযান, টেট শিক্ষক আৰু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ ক্ৰমে ১১০, ৩০, ৩৪ আৰু ২ গৰাকী কৰ্মচাৰীৰ পৰিয়ালক আজিৰ অনুষ্ঠানত সাহায্য প্ৰদান কৰে ৰাজ্যৰ বিত্ত, শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই বছৰৰ অসম বাজেটত ঘোষণা কৰা অনুসৰি এই সাহায্য প্ৰদান কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়, ‘আমি ভাবিছিলো যে এইবাৰ বাজেটৰ আন কাম কৰাৰ আগতে প্ৰথম আমি এইটো কাম কৰিম। আজি আমি নিয়মমতে কামটো কৰিব পাৰিলো।’