NORTHEAST NOW (Assamese)
Popular Stories

জিভা পিছলিল মোদীৰ: ‘প্ৰাইম মিনিষ্টাৰ অৱ মিম্’! সামাজিক মাধ্যমত হাস্যৰসৰ জোৱাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 20, 2022 7:00 pm
Beti Bachao Beti Patao

বেটি বাচাও বেটি পাটাও! এইবাৰ এইষাৰ কি ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! অৰ্থাৎ কন্যা বচোৱা কন্যা পটোৱা! এনেদৰে পুনৰ জিভা পিচলিল মোদীৰ! এই লৈ সম্প্ৰতি সামাজিক মাধ্যমত চৰ্চা চলিব ধৰিছে।

প্ৰধানমন্ত্ৰীৰ এই জিভা পিচল খোৱা কাণ্ডটো সংঘটিত হয় “আজাদী কা অমৃত মহোৎসৱ’’ৱৰ এটা চৰকাৰী কাৰ্যসূচীত। উক্ত কাৰ্যসূচীটোত নতুন কাৰ্যক্ৰম আৰু আঁচনিৰো তেওঁ শুভাৰম্ভণি কৰে। নিজৰ ভাষণত তেওঁ ভাৰতীয় নাৰীৰ গৰিমাৰ বিষয়ে উল্লেখ কৰে।

প্ৰসংগক্ৰমে তেওঁ “বেটি বাচাও বেটি পাঢ়াও’ আঁচনিখনৰ প্ৰসংগ টানি আনে। কিন্তু আঁচনিখন উল্লেখ কৰিবলৈ যাওঁতে জিভা পিচল খায় প্ৰধানমন্ত্ৰীৰ। ‘বেটি পঢ়াও’ৰ সলনি তেওঁৰ মুখেৰে উচ্চাৰিত হয় ‘বেটি পাটাও’হে!

অৱশ্যে জিভা পিচল খাই এনেদৰে অপ্ৰত্যাশিত শব্দ মুখেৰে নিগৰাটো কোনো অস্বাভাৱিক কথা নহয়। যিকোনো লোকৰে এইধৰণৰ অৱস্থা হ’ব পাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো মাজে-সময়ে এই অৱস্থা হৈ আহিছে। সেয়া প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডণাল্ড ট্ৰাম্পক “ডলাণ্ড ট্ৰাম্প’ কোৱাই হওক, অথবা বিশ্ববিখ্যাত শিল্পী লিঅ’নাৰ্ড ড্যা ভিন্সিক “নিউলাৰ্ড’ ড্যা ভিন্সি’ বুলি কোৱা হওক!

কিন্তু দেশৰ কন্যাশিশুৰ স’তে জড়িত একোটা কথাত এইদৰে মোদীৰ জিভা পিচল খোৱাটো সহজভাৱে ল’ব পৰা নাই বহুজনে। বিশ্বৰ এজন আগশাৰীৰ নেতা বুলি জাহিৰ কৰি অহা প্ৰধানমন্ত্ৰীয়ে যদি হিন্দী ভাষাৰ “পঢ়াও’ শব্দটো “পটাও’ বুলি কয়, তেনেহ’লে কি বুজিব লাগিব।

নৰেন্দ্ৰ মোদী এজন গুজৰাটী লোক। গুজৰাটী ভাষাৰ উচ্চাৰণ হিন্দীতকৈ পৃথক। মোদীৰ হিন্দী উচ্চাৰণো সেয়ে কিছু পৃথক হ’ব পাৰে। কিন্তু পঢ়াও শব্দটো পটাও বুলি কোনো গুজৰাটী, মাৰোৱাৰী অথবা অন্যান্য হিন্দী উপভাষাসমূহত নকয়।

ৰাষ্ট্ৰীয় টেলিভিচন চেনেলটোত প্ৰকাশ পোৱা মোদীৰ ভাষণৰ উক্ত ফুটেজটো কোনো সম্পাদিত ভিডিঅ’ও নহয়। ই সম্পূৰ্ণ অ’ৰিজিনেল ভিডিঅ’। উক্ত ভাষণটোত মোদীয় টেলিপ্ৰম্পটাৰ ব্যৱহাৰো কৰিছিলেনে নাই, সেই বিষয়ে জনা নাযায়।

কিন্তু যদি টেলিপ্ৰম্পটাৰ ব্যৱহাৰ নকৰাকৈ ভাষণটো প্ৰদান কৰিছে, তেন্তে প্ৰশ্ন উঠিছে যে টেলিপ্ৰম্পটাৰ নোহোৱাকৈ সঁচাকৈয়ে মোদীয়ে একোৱেই ক’ব নোৱাৰে নেকি?

সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ পৰিছে মোদীৰ বক্তব্যৰ এই ক্ষুদ্ৰ অংশটি। ভিডিঅ’টো প্ৰকাৰ কৰাৰ পাছতেই বহুলোকে মোদীক ‘প্ৰাইম মিনিষ্টাৰ অৱ মিম্’ বুলিও বিদ্ৰুপ কৰিছে।

আনহাতে, আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে এনেধৰণৰ- মনঃস্তাত্বিক বিশ্লষণসমূহে কয় যে জিভা পিচল খাই উলোৱা অপ্ৰত্যাশিত শব্দবোৰে মানুহৰ অৱচেতন মনৰ চিন্তাসমূহক প্ৰকাশ কৰে! সেই অনুসৰি ‘বেটী পঢ়াও’ৰ সলনি ‘বেটী পটাও’ শব্দটোৱে কি সূচাইছে!