NORTHEAST NOW (Assamese)
অসম

লাইনত থিয় হোৱাটোৱে বৃত্তি! মাহিলি আয় ৫ লাখ টকা; ক’ত, কোনে এনেদৰে কৰিছে উপাৰ্জন?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 20, 2022 7:01 pm
professional-queuer-copy_h58a

চিনেমাৰ টিকটৰ বাবে লাইন, ৰেছনৰ দোকানত লাইন বা কোনো জৰুৰী কামৰ আবেদনৰ বাবে লাইন দিয়াটো কষ্টকৰেই নহয়, বিৰক্তিকৰো। বহুতেই ঘন্টাকে ধৰি ঘন্টা লাইন দিয়াৰ কথা ভাৱিবটো নোৱাৰেই, মাত্ৰ কেইমিনিটমান লাইনত থিয় দিব লগা হ’লেই অথন্তৰ ঘটে।

কিন্তু এইদৰে লাইনত থিয় হৈয়েই এগৰাকী ব্যক্তিয়ে লাখ লাখ টকা উপাৰ্জন কৰাৰ কথা ভাৱিব পাৰেনে? হয়, এইটোৱে তেওঁৰ বৃত্তি।

অপৰিসীম ধৈৰ্যৰ পৰিচয় দি ব্ৰিটেইনৰ ফুলহামৰ বাসিন্দা ফ্ৰেডি বেকিট হৈ পৰিছে এগৰাকী বৃত্তিধাৰী কিউয়াৰ (লাইনধাৰী)। সম্ভান্ত তথা ধনী পৰিয়ালৰ বহুতে লাইনত থিয় দিবলৈ নিবিচাৰে। তেওঁলোকৰ হৈ ঘন্টাকে ধৰি ঘন্টা লাইনত থিয় হৈ ফ্ৰেডিয়ে মোটা অংকৰ ধন উপাৰ্জন কৰিছে।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ ব্যক্তিগত উচ্চাকাংক্ষাৰ স্বাৰ্থত অসমৰ ভূমি মেঘালয়ক গতাই দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে: অজাপ

খেলৰ টিকৰ পৰা আৰম্ভ কৰি চিনেমাৰ টিকট, থিয়েটাৰ বা কোনো অনুষ্ঠানৰ বাবে লাইনত থিয় দিবলৈ কল আহে ফ্ৰেডিৰ ওচৰলৈ।

ফ্ৰেডিয়ে প্ৰতি ঘন্টাৰ বাবে ২০ পাইণ্ড কৈ প্ৰতিদিনে ১৬০ পাউণ্ড অৰ্থাৎ প্ৰায় ১৬হাজাৰ টকা উপাৰ্জন কৰে। সেইদৰে মাহে ফ্ৰেডিৰ আয় হৈছে প্ৰায় ৫লাখ টকা।

ফ্ৰেডিৰ মতে কোনো জনপ্ৰিয় অনুষ্ঠানৰ বাবে সম্ভ্ৰান্ত পৰিয়ালৰ বাবে লাইনত থিয় হৈ তেওঁৰ ভাল লাগে। কিয়নো ইয়াত উপাৰ্জনো ভাল হয়। যিকোনো পৰিস্থিতিতে লাইন থিয় হৈ থকাত আমনি নাপায় ফ্ৰেডিয়ে।

লগতে পঢ়ক:বিশ্বপ্ৰসিদ্ধ সাহিত্যিক মাৰ্কুৱেজৰ গোপন প্ৰেমৰ স্বাক্ষৰ! কি সম্পৰ্ক প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে!

ফ্ৰেডিয়ে কয় যে এই কামটোৰ বাবে অলপ ধৈৰ্যৰ প্ৰয়োজন আৰু এগৰাকী বৃত্তিধাৰী হিচাপে সেয়া তেওঁৰ আছে।

ফ্ৰেডিয়ে এই কমাৰ বাবে ঘন্টাত ২০ পাউণ্ডতকৈ কেতিয়াও বেছি দাবী নকৰে। এই কামৰ বাবে তেওঁৰ বিশেষ দক্ষতাৰো প্ৰয়োজন নাই।