NORTHEAST NOW (Assamese)
অসম

Covid Update: ৰাজ্যত উদ্বেগজনক কোভিড পৰিস্থিতি; আজি কিমান হ’ল আক্ৰান্ত, মৃত্যু কিমানৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 20, 2022 8:38 pm
index

ৰাজ্যত আজিৰ দিনটোত প্ৰায় আঠ হাজাৰ লোক কোভিডত আক্ৰান্ত হোৱাৰ লগতে মৃতকৰ সংখ্যাও উদ্বেগজনক বুলি ক’ব পাৰি

অসমত পুনৰ কোভিডৰ সংক্ৰমণে আতংকৰ সৃষ্টি কৰিছে আৰু ক্ৰমে আক্ৰান্তৰ সংখ্যা বাঢ়ি যোৱাৰ লগতে বাঢ়িছে মৃতকৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে।

পজিটিভিটিৰ হাৰ ১২.৯২ শতাংশ হোৱাটোৱে স্বাভাৱিকতে ৰাজ্যৰ কোভিড পৰিস্থিতিৰ ভয়াৱহ ৰূপটো পুনৰবাৰ প্ৰকট কৰি তুলিছে।

লগতে পঢ়ক: দেশত এদিনতে কোভিডত আক্ৰান্ত ৩ লক্ষাধিক লোক

ৰাজ্যখনত বিগত ২৪ ঘন্টাত মুঠ ৭৯২৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। বুধবাৰে মুঠ ৮৩৩৯ গৰাকী লোক আক্ৰান্ত হৈছিল।

ইপিনে, যোৱা ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১৭১৬ গৰাকী লোক। পূৰ্বৰ দিনটোত এই সংখ্যা আছিল ১৯২৯গৰাকী।

বিগত ২৪ ঘন্টাত ৰাজ্যখনত মুঠ ৬,৩৫৯ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।

ৰাজ্যত সুস্থতাৰ হাৰ হৈছে ৯.৮১ শতাংশ। আনহাতে, আজি ১২ গৰাকী লোকৰ কোভিডত মৃত্যু ঘটিছে