NORTHEAST NOW (Assamese)
অসম

ৰাজহুৱা স্থানত সমাবেশ আদিৰ ক্ষেত্ৰত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশনা

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও January 21, 2022 4:41 pm
covid19-750x375

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে দিয়া নিৰ্দেশনা আৰু কোভিড-১৯ মহামাৰীৰ নতুন প্ৰজাতি অমিক্ৰণৰ প্ৰাদুৰ্ভাৱ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলাখনত সভা-সমাৱেশ আদি অনুষ্ঠিত কৰাত বিশেষ নিৰ্দেশনা জাৰি কৰিছে।

সেই অনুসৰি বন্ধ স্থান বা মুকলি ঠাইত ব্যক্তিগত বা ৰাজহুৱা অনুষ্ঠান পতাত আৰু চৰকাৰী কাৰ্যালয়ৰ লগত জড়িত বা ধৰ্মীয় অনুষ্ঠান পাতিলে তাত বা সভা-সমাৱেশ আদিত (২০০ জন পৰ্যন্ত) সম্পূৰ্ণ টিকা লোৱা লোকসকলেহে উপস্থিত থাকিব পাৰিব।

তদুপৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ আন আন নিৰ্দেশনাসমূহো জিলাখনত পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বলবৎ থাকিব।

উক্ত নিৰ্দেশনা উলংঘা কৰিলে অসম কোভিড-১৯ নিয়ামক-২০২০, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আইন-২০০৫,মহামাৰী আইন-১৮৯৭ আৰু দেশৰ অন্যান্য প্ৰাসংগিক বিধিৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা জনোৱা হৈছে।