NORTHEAST NOW (Assamese)
অসম

ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ সৰবৰাহকাৰী, জব্দ ড্ৰাগছ

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ January 23, 2022 1:06 pm
Drugs Juria

ৰূপহীহাট আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে এক গোপন সূত্ৰৰ পম খেদি শালপাৰাত  অভিযান চলাইসফলতা লাভ কৰিছে।

আৰক্ষীৰ অভিযানত ড্ৰাগছ সৰবৰাহকাৰী ছাহাব উদ্দিন নামৰ এজন লোকক আটক কৰা হয়।

উপ পৰিদৰ্শক তুষাৰজ্যোতি বৰাৰ নেতৃত্বত চলা অভিযানত আটক কৰা হয় ড্ৰাগছ সৰবৰাহকাৰীজনক।

ড্ৰাগছ সৰবৰাহকাৰী ছাহাব উদ্দিনৰ পৰা আৰক্ষীয়ে ২৭টাকৈ হিৰ’ইন ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে।

লগতে পঢ়ক: প্ৰাক্তন ছাত্ৰ নেতাক আৰক্ষীৰ গুলী: নগাঁওৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিলম্বন দাবী অখিল গগৈৰ

ইপিনে. অভিযানৰ সময়ত ছাহাব উদ্দিনৰ লগৰ আৰু দুজন ড্ৰাগছ সৰবৰাহকাৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ধৃত ছাহাব উদ্দিনে অতি কৌশলেৰে ঠেলা গাড়ীত ভঙা-ছিঙা বস্তুৰ লগত ৰাখিছিল এই হিৰ’ইনখিনি।

আনহাতে, ন-ন কৌশল অৱলম্বন কৰিও আৰক্ষীৰ পৰা ৰক্ষা নাপালে ড্ৰাগছ সৰবৰাহকাৰী ছাহাব উদ্দিনে।