NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় পৰ্যায়ত দু:সাহসিক নৃত্য প্ৰদৰ্শন কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়ালে গাগলিনা আশ্ৰায়নে

Posted by: কাজী জেইদুল ইছলাম,বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম,বিশ্বনাথ January 23, 2022 4:46 pm

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে বিশ্বনাথৰ এগৰাকী ১৮ বছৰীয়া যুৱতী।

যুৱতী গৰাকীৰ নাম গাগলিনা আশ্ৰায়ন। বিশ্বনাথৰ কল্যাণপুৰ নিৱাসী মনোজ কুমাৰ শৰ্মা আৰু পপী শৰ্মাৰ কন্যা সন্তান গাগলিনাই Sony TV ইণ্ডিয়া গট তেলেন্ট চিজন ৯ ৰ অডিচন ৰাউণ্ডত নিৰ্বাচিত হৈছে।

ভাৰতৰ টেলিভিচন ইতিহাসত পোন প্ৰথম বাৰৰ বাবে ৬০ ফুট উচ্চতাত হট এয়াৰ বেলুনত কোনো সুৰক্ষা প্ৰক্ৰিয়া ব্যৱহাৰ নকৰাকৈ এৰিয়েল নৃত্য প্ৰদৰ্শন কৰি খলকনিৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্য বাসীৰ লগতে ভাৰতবাসীক ।

যোৱা শণিবাৰে চনি টিভিত সম্প্ৰচাৰ হৈ যোৱা ইণ্ডিয়া গট টেলেণ্ট চিজন ৯ ৰ এই খণ্ডটোত গাগলীনাৰ সুন্দৰ পাৰফমেঞ্চ দেখি প্ৰসংশাৰে উপচাই পেলাইছে শ্ব’টোৰ বিচাৰক শিল্পা চেট্টী, মনোজ ম’ন্টাচী আৰু বাদশ্বাহে।

কোনো ধৰণৰ চেফটি বেল্ট নোহোৱাকৈ এনেদৰে ৬০ ফুট উচ্চতাত এৰিয়েল এক্ট কৰা গাগলীনাৰ এই পাৰ্ফমেঞ্চৰ পিছত ৰাজ্য জুৰি শুভেচ্ছাৰে উপচি পৰিছে গাগলিনাৰ ঘৰত ।