NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত বনৰীয়া হাতীৰ তাণ্ডৱ, আহত বৃদ্ধা

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ January 24, 2022 6:20 pm

কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণত আহত বৃদ্ধা। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীয়ে উপদ্ৰৱ চলাই ঘৰ- দুৱাৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে এগৰাকী মহিলাকো আহত কৰে ।

নিশা দুই মান বজাত কলিয়াবৰৰ হাতীগাওঁ চাহ বাগিচাৰ প্লেট ঘাটত এটা হাতীয়ে উপদ্ৰৱ চলাই দুটাকৈ ঘৰৰ ক্ষতি সাধন কৰে।

লগতে নিশা বাহিৰলৈ ওলাওতেই পুস্পা তপ্প নামৰ বৃদ্ধা গৰাকীকো আহত কৰে। আহত বৃদ্ধা গৰাকীক কেলিডেন চাহ বাগিচাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

বন্যহস্তীৰ সন্ত্ৰাসৰ বাবেই ভয়ত উজাগৰেই নিশা পাৰ কৰিব লগা হৈছে কলিয়াবৰবাসীয়ে।

আনহাতে প্ৰতিদিনে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত বন্য হস্তীৰ উপদ্ৰৱত গঞা ৰাইজৰ নিদ্ৰা হৰণ হোৱাৰ লগতে হাতীৰ আক্ৰমণত বিস্তৰ ক্ষয় ক্ষতি হৈছে।