NORTHEAST NOW (Assamese)
অসম

সমগ্ৰ দেশবাসীৰ লগতে কলিয়াবৰতো ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ January 25, 2022 12:21 pm
Republic day Kaliabor

সমগ্ৰ দেশবাসীৰ লগতে কাইলৈ কলিয়াবৰতো গণৰাজ্য দিৱস উদযাপনৰ বাবে মহকুমা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে।

মাৰ্চপাষ্টৰ অনুশীলনৰ অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে আৰক্ষী আৰু বনবিভাগ।

কিন্তু¸ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত গণৰাজ্য দিৱসৰ মাৰ্চপাষ্টত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগিব NCCৰ কেডেটসকল।

যোৱা এটা মাহে মাৰ্চপাষ্টৰ অনুশীলন কৰি অহা NCCৰ কেডেটসকলে অন্তিম মুহূৰ্তত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নোপোৱাত দুখ প্ৰকাশ কৰাৰ লগতে চৰকাৰ-প্ৰশাসনে জাৰি কৰা ক’ভিড SOPৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে।

লগতে পঢ়ক: ৰক্ষকেই এতিয়া ভক্ষক! গো সুৰক্ষা আইন অনা ৰাজ্যৰ বিজেপি চৰকাৰৰ শাসনত কিমান সুৰক্ষিত গো-ধন?

ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তথা sop অনুসৰি মহকুমা প্ৰশাসনে গণৰাজ্য দিৱস অনুষ্টূপীয়াকৈ পালন কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে মাৰ্চপাষ্টত ছাত্ৰ-ছাত্ৰীৰ দলক অংশগ্ৰহণৰ পৰা বিৰত ৰাখিছে।