NORTHEAST NOW (Assamese)
দেশ

আজি ঘোষণা হ’ব গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 3, 2022 8:04 am
Gujarat Election

বহুচৰ্চিত গুজৰাট বিধানসভা নিৰ্বাচনৰ তাৰিখ আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিব।চলি থকা জল্পনা-কল্পনাৰ অন্তত আজি দুপৰীয়া এই হাইভল্টেজ নিৰ্বাচনী মহাৰণৰ দিন ঘোষণা কৰা হ’ব।

উল্লেখ্য যে প্ৰায় ২৫ বছৰ ধৰি ৰাজ্যখনত শাসন কৰি অহা বিজেপিয়ে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এইবাৰ কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

চলিত বৰ্ষৰ আৰম্ভণিতে পঞ্জাৱত চমকপ্ৰদ বিজয়ৰ পাছত গুজৰাটত প্ৰৱেশ কৰা অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপটত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে।

ইফালে শেহতীয়াকৈ ৰাজ্যখনত সংঘটিত মোৰবিৰ ভয়াৱহ দলং দুৰ্ঘটনাইও বেকফুটলৈ ঠেলি দিছে শাসকীয় বিজেপি দলক।

অৱশ্যে শাসকীয় দলটোৰ স্থিতি এতিয়াও ৰাজ্যখনত যথেষ্ট মজবুত অৱস্থাত আছে। গুজৰাট নিৰ্বাচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবেও এক সন্মানৰ যুঁজ হৈ পৰিছে।